34 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

দেহত ভিটামিন-ডিৰ অভাৱ হ’লে কেনেদৰে বুজিব

Assamese Newsদেহত ভিটামিন-ডিৰ অভাৱ হ’লে কেনেদৰে বুজিব

সুস্থ হৈ থাকিবলৈ শৰীৰত বিভিন্ন ভিটামিনৰ প্ৰয়োজন হয়৷ তেনে এবিধ প্ৰয়োজনীয় ভিটামিন হৈছে ভিটামিন-ডি৷ এই ভিটামিন দেহৰ ভিতৰতে উৎপন্ন হয়৷ ভিটামিন-ডি শৰীৰৰ বাবে খুবেই অপৰিহাৰ্য৷ ভিটামিন-ডিৰ পৰ্যাপ্ত মাত্ৰাই দেহত কেলছিয়াম আৰু ফচফৰাছৰ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ একেদৰে হাড় আৰু দাঁতৰ স্বাভাৱিক বৃদ্ধি তথা বিকাশ সহজ কৰি তোলে ভিটামিন-ডিয়ে৷

বিশ্বজুৰি বিভিন্ন মহামাৰী সংক্ৰান্তীয় গৱেষণাতো কোৱা হৈছে যে হাড়ৰ স্বাস্থ্য অক্ষুণ্ণ ৰাখিবলৈ, চৰ্মজনিত ৰোগ আনকি কেন্সাৰৰ দৰে গুৰুতৰ বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভিটামিন ডিয়ে কাম কৰে৷ শৰীৰৰ দুৰ্বল পেশীক সবল কৰাৰ ক্ষেত্ৰতো ভিটামিন-ডিৰ আৱশ্যক হয়৷ প্ৰাচীন কালত দেহত ভিটামিন-ডিৰ মাত্ৰা বঢ়াবলৈ সূৰ্যালোকত থকাৰ অভ্যাস কৰিছিল বহুতেই৷

শীত কালত দেহত ভিটামিন-ডি হ্ৰাস পায়৷ এনে সময়ত দেহত কেলছিয়ামৰ মাত্ৰা যথাযথ ৰখাৰ বাবে কমেও ১০ৰ পৰা ১৫ মিনিট সময় সূৰ্যালোকত থকা দৰকাৰ৷

◾ভিটামিন-ডিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাসমূহৰ ভিতৰত এটা হ’ল ই দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ শক্তি দিয়ে৷

◾ভিটামিন-ডিৰ অভাৱ হোৱা নাৰীয়ে সহজে গৰ্ভধাৰণ কৰিব নোৱাৰে৷

◾হঠাৎ চুলি সৰাৰ প্ৰৱণতাই দেখা দিলে জানিব, আপোনাৰ ভিটামিন-ডিৰ অভাৱ ঘটিছে৷

◾হাড় আৰু পেশী দুৰ্বল হোৱা আৰু অস্থিসন্ধি বা পিঠিত বিষ অনুভৱ কৰাটো ভিটামিন-ডি হ্ৰাস পোৱাৰ লক্ষণ হ’ব পাৰে৷

◾ভিটামিন-ডিৰ মাত্ৰা কমিলে মানসিক চাপ বাঢ়ে, উদ্বেগ বৃদ্ধি পায় আৰু সঘনাই খং উঠে৷ তদুপৰি স্বাস্থ্যসন্মত খোৱাৰ পাছতো বা বিশ্ৰাম লোৱাৰ পাছতো অৱশ অথবা ক্লান্তি অনুভৱ কৰাটো ভিটামিন-ডি হ্ৰাস পোৱাৰ লক্ষণ হ’ব পাৰে৷

◾স্থূল ব্যক্তিসকলৰ ভিটামিন-ডি হ্ৰাস পোৱাৰ আশংকা বেছি৷ কিয়নো এনে লোকৰ মেদবহুল কোষ সমূহে দেহত ভিটামিন-ডিৰ নিঃসৰণত বাধাৰ সৃষ্টি কৰে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!