বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

1 min read

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত বিদ্যুৎ প্ৰৱাহ হৈ থকা খোলা তাঁৰ বা বৈদ্যুতিক লাইনৰ সংস্পৰ্শলৈ আহিলে সহজেই বিদ্যুৎস্পৃষ্ট হয়৷ প্ৰচলিত ভাষাত ইয়াক কাৰেণ্টত শ্বক লগা বুলি কোৱা হয়৷ বৈদু্যতিক শ্বক লাগিলে বা বিদ্যুৎস্পৃষ্ট হ’লে ইয়াৰ পৰিণতি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়ে মুক্ত হৈ থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ যাতে কোনো লোক নাহে তাৰ বাবে সতৰ্কতা অৱলম্বন কৰা উচিত৷ আৰু যদি কিবা কাৰণত কোনো লোক বিদ্যুৎস্পৃষ্ট হয় তেন্তে ততাতৈয়াকৈ কেইটামান কাম কৰিলে লোকাজনৰ প্ৰাণ ৰক্ষা কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল এনে কেইটামান কাম–

[১] কাৰেণ্টত শ্বক লাগিলে ভুলতো আতংকিত নহ’ব৷ এনে পৰিস্থিতিত সচেতন হোৱাৰ উপৰি দীঘলীয়া এটা উশাহ লৈ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰক৷

[২] কোনো লোক বিদু্যৎস্পৃষ্ট হ’লে বা কাৰেণ্টত শ্বক লাগিলে লোকজনক স্পৰ্শ নকৰিব৷ কিয়নো বিদ্যুতৰ সৈতে সংস্পৰ্শলৈ অহা লোকজনক স্পৰ্শ কৰাৰ লগে লগে আপোনাৰ দেহলৈও বিদ্যুৎ প্ৰৱাহ হ’ব৷ এনে পৰিস্থিতিয়ে লোকজনৰ লগতে আপোনাৰ প্ৰাণৰ বাবেও সংশয় আনিব পাৰে৷

[৩] প্ৰথমে কাৰেণ্টৰ মেইন শ্বুইটছটো অফ কৰাৰ চেষ্টা কৰক৷ যদি সেয়া কৰিব নোৱাৰে তেন্তে শুকান বাতৰি কাকত, উলৰ কাপোৰ, শুকান কাঠৰ টুকুৰা অথবা ৰবৰেৰে লোকজনক ঠেলা মাৰি বিদ্যুৎ সৰবৰাহ হৈ থকা উৎসৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰক৷

[৪] বিদ্যুৎস্পৃষ্ট হোৱা লোকজনৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰিলে প্ৰথমে তেওঁক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস প্ৰদানৰ ব্যৱস্থা কৰক৷ এনে জৰুৰী সময়ত লোকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ ওপৰত তেওঁৰ জীৱন ৰক্ষা পৰাটো নিৰ্ভৰ কৰে৷ লোকজনক লগে লগে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰক৷

[৫] বিদ্যুৎস্পষ্ট হোৱা লোকজনৰ শ্বাস-প্ৰশ্বাস বন্ধ হ’লে বুকুৰ ওপৰত জোৰেৰে হেঁচা প্ৰয়োগ কৰি হূদযন্ত্ৰ চলাচল কৰি থকাটো নিশ্চিত কৰিবলৈ নাপাহৰিব৷

[৬] বৈদ্যুতিক শ্বক লগাৰ পাছত কিছুমান লোক বহু পলমকৈ শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগে৷ সেয়ে শ্বক লগাৰপাছত সুস্থ হৈ থাকিলেও লোকজনে কিছুসময় বিশ্ৰাম লোৱা উচিত৷

বিদ্যুতৰ কাম কৰাৰ সময়ত পৰাপক্ষত মেইন শ্বুইটছ বন্ধ কৰি ল’ব৷ পাৰিলে ৰবৰৰ জোতা পৰিধান কৰিহে বৈদ্যুতিক কাম-কাজ কৰিব৷ বৈদ্যুতিক কাম সম্পৰ্কে ধাৰণা থাকিলেও মেকানিকৰ দ্বাৰাহে পৰাপক্ষত এনেবোৰ কাম কৰোৱা উচিত৷ পানী লগা হাতেৰে ঘৰৰ কোনো শ্বুইটছত ভুলতো স্পৰ্শ নকৰিব৷

You May Also Like

More From Author