দৰঙৰ ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ পলিং বিষয়াৰ দল ৰাওনা |

1 min read

মঙলদৈ, ১৬ এপ্ৰিল :- মাজত মাথো এটা দিন। অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দৰঙৰ দুৰ্গম অঞ্চলত অৱস্থিত মুঠ ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ মঙলবাৰে নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল ৰাওনা হৈছে। এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটাৰ ২৯ টা ৬৭ নং মঙলদৈ বিধানসভা সমষ্টিত আৰু ১৪ টা ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। এই ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ মঙলদৈ মহাবিদ্যালয়ত ষ্টং ৰূমৰ পৰা ১৭২ গৰাকী পলিং বিষয়াই মঙলবাৰে ভোটগ্ৰহণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ সংগ্ৰহ কৰি নিৰাপত্তা বেষ্টনীৰ মাজত ৰাওনা হয়। উক্ত কেন্দ্ৰ সমূহৰ কেতবোৰ কেন্দ্ৰলৈ যাওঁতে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী সকলে বাছ, ট্ৰেক্টৰ আৰু নৌকাৰে খণ্ড খণ্ডকৈ যাত্ৰা কৰিবলগীয়া হব। আনহাতে, জিলাখনৰ ৪ টা বিধানসভা সমষ্টিৰ বাকী ১০২২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ পলিং বিষয়াসকলক বুধবাৰে প্ৰেৰণ কৰা হব। উল্লেখযোগ্য যে, জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা ৭,৯৫,৮৫৫ । ইয়াৰে ৪,০৭,০৮৯ জন পুৰুষ আৰু ৩,৮৮,৭৬৬ গৰাকী মহিলা। আনহাতে জিলাখনৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১০৬৫ টা। সমষ্টি টোৰ অন্তৰ্গত ১৭,৯৫,৫২৯ গৰাকী ভোটাৰে ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব অহা ১৮ এপ্ৰিলত। ইয়াৰ বাবে সংসদীয় সমষ্টিটোত থকা ২৩৫৩ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ১০,৮২৩ গৰাকী প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ সমৰ্থনত সাজু কৰি তোলা হৈছে। ৰাতিপুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হবলগা ভোটগ্ৰহণৰ আৰম্ভণিতে পুৱা ৬ বজাত প্ৰাৰ্থী সকলৰ দ্বাৰা নিয়োজিত এজেন্টৰ মাজত পৰীক্ষামূলক ভোটগ্ৰহণ অনুষ্ঠিত হব বুলি এক সংবাদ মেল যোগে দৰঙৰ উপায়ুক্ত ঘনশ্যাম দাসে জনাইছে। আনহাতে বিশেষভাৱে সক্ষম ব্যক্তি আৰু অসুস্থ ব্যক্তি ক সমাজ কল্যাণ বিভাগৰ জৰিয়তে ভোট দিবলৈ নিয়াৰ ব্যৱস্থা কৰা হব বুলিও জানিব দিয়ে। নিৰ্বাচনৰ বাজেট সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ উপায়ুক্ত গৰাকীয়ে পোণপটীয়াকৈ দিয়াত ব্যৰ্থ হয়।

বিশেষ সংবাদদাতা

You May Also Like

More From Author