41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ধেমাজি বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন..

Assamese Newsধেমাজি বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন..

‘যুৱশক্তিয়েই ৰাষ্ট্ৰশক্তি ৷ ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ প্ৰতি যুৱশক্তি আকৰ্শিত হৈছে ৷ ইয়াৰ ফলতেই ধেমাজিত শনিবাৰে ভাৰতীয় জনতা পাৰ্টিত বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হৈছে৷’

এই মন্তব্য ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ৷ শাসকীয় গেৰুৱা দল বিজেপিৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শনিবাৰে ধেমাজি নগৰৰ সমীপৰ তেলিজানস্থিত আন্তঃজিলা বাছ টাৰ্মিনালত অনুষ্ঠিত কৰা এক যোগদান কাৰ্যসূচীত উপস্থিত থাকি জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা জনকল্যাণমুখী কাৰ্মসূচীৰ বাবে বিজেপি দলত যোগদান কৰা বুলি কয় ৷

ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ত্ৰিদিপজ্যোতি মৰান, বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক গোবিন শইকীয়াকে ধৰি দলটোৰ কেইবাজনো নেতা উপস্থিতিত জিলা যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত জিলাখনৰ কংগ্ৰেছ, অসম জাতীয় পৰিষদ, জেপিপি, প্ৰাক্তন আছু, আটাছু আদি দল সংগঠনৰ ছয় শতাধিকে বিজেপি দলত যোগদান কৰে ৷

বিশেষকৈ আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত জিলাখনৰ যুৱ প্ৰজন্মৰ বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে শনিবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদানৰ জৰিয়তে বিজেপি দলত আনুষ্ঠানিকভাবে যোগদান কৰাত ধেমাজি জিলাত শাসকীয় দলটোৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী হৈ পৰাটো নিশ্চিত হৈ পৰিছে ৷ যোগদান কাৰ্যসূচীত নিজৰ বক্তব্যত বিজেপিৰ জিলা সভাপতি প্ৰেম দত্তই দেশৰ ভবিষ্যত গঢ়োতা যুৱ সমাজক ভাৰতীয় জনতা পাৰ্টিয়ে সবলীকৰণক সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি অহাৰ বাবেই বিজেপিৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ শনিবাৰে ধেমাজিত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাত যোগদান কৰি বিজেপিৰ দলৰ হাত শক্তিশালী কৰা বুলি কৈ নতুন কাৰ্যকৰ্তাক বিজেপি পৰিয়াললৈ আদৰনি জনায় ৷

ভাষন প্ৰসংগত সভাপতিগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সততা, নিষ্ঠা আৰু গভীৰ আত্মবিশ্বাসেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সহযাত্ৰী হ’বলৈ যুৱ সমাজক আহ্বান জনায় ৷ যোগদান কাৰ্য্যসূচীত ধেমাজি জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মাছখোৱা ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ ৰূপজ্যোতি শইকীয়া, মাছখোৱা ব্লক কংগ্ৰেছৰ উপ-সভাপতি ৰত্ন বৰা, সাধাৰণ সম্পাদক শুভ দত্ত, বেঙেনাগঢ়া মণ্ডল কংগ্ৰেছৰ সম্পাদক মৃদুল চিৰিং, পূব মাছখোৱা মণ্ডল কংগ্ৰেছৰ সম্পাদক প্ৰশান্ত বৰগোহাই, হাৰ্হি মণ্ডল কংগ্ৰেছৰ সম্পাদক থানেশ্বৰ দত্ত, অসম জাতীয় পৰিষদৰ মাছখোৱা মণ্ডল সভাপতি দিলীপ কোচসহ এজেপি দলৰ বহুকেইগৰাকীকে ধৰি বিজেপিত যোগদান কৰে ৷

একেদৰে জিলাখনৰ ধেমাজি নগৰ, বৰদলনি, গোগামুখ, চিলাপথাৰ, চিচিবৰগাওঁ, পূৱ জোনাই আৰু পশ্চিম জোনাইকে ধৰি বিজেপি জনতা যুৱ মৰ্চাৰ ১২ টা মণ্ডলৰ ছয় শতাধিক যুৱক-যুৱতীয়ে বিজেপি দলত যোগদান কৰে ৷ ইয়াৰ পূৰ্বে শনিবাৰে বিজেপি ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত ধেমাজি জিলা জনতা যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়াৰ সভাপতিত্বত যুৱ মৰ্চাৰ এখন জিলা কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!