34.6 C
Assam
Sunday, May 28, 2023

Featured News

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ

-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ...

নগাঁও জিলাৰ ১০টা সমষ্টিতে কংগ্ৰেছৰ শোচনীয় পৰাজয়, বিজেপিৰ জয়যাত্ৰা

Assamese Newsনগাঁও জিলাৰ ১০টা সমষ্টিতে কংগ্ৰেছৰ শোচনীয় পৰাজয়, বিজেপিৰ জয়যাত্ৰা

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত ১০টা সমষ্টিতে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে বিজেপিয়ে। ইয়াৰ বিপৰীত সম্পূৰ্ণৰূপে ধুলিসাৎ হ’ল বিৰোধী দল কংগ্ৰেছ। কংগ্ৰেছৰ হৈ একমাত্ৰ ২০নং বাৰপূজীয়া সমষ্টিৰ প্ৰাৰ্থী অশোক গাঁওখোৱাই প্ৰবল প্ৰত্যাহ্বান আগবঢ়াই শেষমুহুৰ্তত বিজেপি প্ৰাৰ্থী কমল বৰদলৈৰ হাতত ৬৫টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। শনিবাৰে

ঘোষিত ফলাফলত নগাঁও জিলাৰ অন্তৰ্গত ২০নং বাৰপূজীয়াত বিজেপিৰ কমল বৰদলৈ, ২১নং টোপাকুছিত বিজেপিত সুৰুজ কোঁৱৰ, ২২নং পুখুৰীপাৰ সমষ্টিত বিজেপিৰ বিশ্বজ্যোতি পাটৰ, ২৩নং জৰাবাৰী সমষ্টিত বিজেপিৰ গীতামণি কলিতা ভূঞা, ২৪নং জোঙালবলহু সমষ্টিত বিজেপিৰ প্ৰণৱজ্যোতি মছৰং, ২৫নং চহৰী সমষ্টিত বিজেপিৰ মোহন সেনাপতি, ২৮নং লুটুমাৰী সমষ্টিত বিজেপিৰ বিতু বৰদলৈ, ২৯নং কমাৰগাঁৱত বিজেপিৰ অজিত পাটৰ, ৩০নং নামবৰ লালুংগাঁৱত বিজেপিৰ ইন্দ্ৰ বৰদলৈ আৰু ৩১নং লালুংপাৰ সমষ্টিত বিজেপিৰ মদন বৰদলৈয়ে জয়লাভ কৰে।

ইপিনে কংগ্ৰেছী শিবিৰত হতাশাৰ পৰিৱৰ্তে ব্যাপক উছাহৰ ঢল বৈছে শাসকীয় বিজেপিৰ নেতা-কৰ্মীৰ মাজত। বিজেপিৰ এই জয়ৰ বাবে নগঞা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!