নগাঁৱত পিষ্টল সহ দুজন দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

নগাঁৱত পিষ্টল সহ দুজন দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

নগাওঁ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নগাওঁ চহৰৰ সমীপৰ হয়বৰ গাঁও, আৰক্ষী চকীৰ অন্তর্গত ভকত গাঁৱত দুজন দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুজন হল ছিলঙনীৰ কুদ্দুছ আলি আৰু আমিনুল হক । আৰক্ষীয়ে ডকাইত দুজনৰ পৰা ৭.৫৬ এম এম এটা পিষ্টল আৰু ১৬ জাই সজীৱ গুলি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তেওঁলোকৰ পৰা AS02 Z ১৭১১ নম্বৰৰ গ্লেমাৰ বাইক এখনো জব্দ কৰে। নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক কল্যান কুমাৰ দাস আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদুৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই এই ডকাইত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে এই ডকাইত দুজন ছিলঙনীৰ পৰা নগাওঁ চহৰ মুখে আহি থকাৰ অৱস্থাত আৰক্ষীয়ে সন্দেহ বশতঃ ৰখিবলৈ নিৰ্দেশ দিয়ে যদিও ডকাইত দুজন পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে পিছলৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ডকাইত দুজন বহু কেইটা অপৰাধ জনীত ঘটনাৰ লগত জড়িত আছিল।

GTM Desk

Related