28.1 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নগাঁৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন

Assamese Newsনগাঁৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ "দ্বিতীয় বুদ্ধ" উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিল:–নগাঁও প্ৰেছ ক্লাবত দেওবাৰে শঙ্খধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ ”দ্বিতীয় বুদ্ধ” উন্মোচন কৰা হয় ৷ সাহিত্য অকাডেমী বঁটা বিজয়ী উদয় থুলুঙৰ নেপালী ভাষাৰ নিৰ্বাচিত কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি শঙ্খধ্বনি হাজৰিকা ভৰালীয়ে এই গ্ৰন্থখন ৰচনা কৰিছে । বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্য, সমালোচক প্ৰভাত বৰাই ৷ ভাষণ প্ৰসংগত সমালোচকগৰাকীয়ে কয় যে সাহিত্য সৃষ্টি আৰু অনুবাদ সাহিত্য ইটো সিটোৰ পৰিপূৰক ৷ অনুবাদ সাহিত্যৰ জৰিয়তে আমি বিশ্বৰ বিভিন্ন সাহিত্যৰ বিষয়ে উপলব্ধি কৰিব পাৰো । সংস্কৃত ভাষাৰ প্ৰসঙ্গ উল্লেখ কৰি সমালোচক বৰাই কয় যে উত্তৰ ভাৰতৰ তুলনাত দাক্ষিণাত্যৰ ভাষা সংস্কৃতিত সংস্কৃত শব্দৰ প্ৰভাৱ বেছি ৷ তেওঁ লগতে কয় যে মালয়ালম ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বেছি যদিও অসমীয়া ভাষাত ইয়াৰ প্ৰয়োগ শক্তিশালী নহয় ৷ অনুবাদে মূল সাহিত্যৰ পৰা সাহিত্যক পৃথকীকৰণ কৰে বুলি এক তাপৰ্য্যপূৰ্ণ মন্তব্য কৰে । সভাপতিৰ ভাষণত সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে সাহিত্যৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে বিভিন্ন অনুবাদ সাহিত্যই অসমীয়া সাহিত্য ভৰাললৈ উল্লেখনীয়া অৱদান আগবঢ়াইছে ৷ নীলাভ সৌৰভে আঁতধৰা অনুষ্ঠানত অধ্যাপক ড° মহেশ্বৰ হাজৰিকা, শিক্ষাবিদ কৃষ্ণ দুলাল বৰুৱা, অধ্যাপক ক্ৰমে নিত্যানন্দ পাটনায়ক,ড° অজিত ভৰালীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ শঙ্খধ্বনি হাজৰিকা ভৰালীৰ মঙ্গলা চৰণৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!