38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বৰ্ণাঢ্য অনুষ্ঠানৰ বাবে সাজু নলবাৰীৰ ৩০০ বিহুৱা-বিহুৱতী

Assamese Newsবিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বৰ্ণাঢ্য অনুষ্ঠানৰ বাবে সাজু নলবাৰীৰ ৩০০ বিহুৱা-বিহুৱতী

বিশ্ব অভিলেখ গঢ়িব বিহুৱে। সেয়ে নলবাৰীও হৈছে সাজু। মেগা বিহুৰ অনুষ্ঠানত ৩০০ ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে ১০০০০তকৈও অধিক বিহুৱা-বিহুৱতীয়ে বিহুনাচেৰে বিশ্ব অভিলেখৰ গঢ়িব।

সৰুসজাইৰ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া ঢুলীয়া নাচনীসকলৰ এক মেগা অনুষ্ঠান নলবাৰীৰ গৰ্ডন খেলপথাৰত হৈ যায়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু জিলা প্ৰশাসনৰ মুৰব্বীসকল। বিগত কেইবাদিনো ধৰি নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কেইবাগৰাকীও মাষ্টাৰ প্ৰশিক্ষকৰ নেতৃত্বত চলিছিল প্ৰশিক্ষণ।

শেষৰ দিনটোত গৰ্ডন খেলপথাৰত মেগা অনুষ্ঠানৰ আয়োজন কৰিছিল জিলা প্ৰশাসনে। ইপিনে ১০ এপ্ৰিলত এইসকল বিহুৱা-বিহুৱতী ৰাওনা হ’ব অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নলবাৰীৰ পৰা। বিশ্ব দৰবাৰত বিহু প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্ব অভিলেখৰ অনুষ্ঠানৰ সাক্ষী হ’বলৈ সাজু হৈছে নলবাৰী জিলাও।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!