23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতী!

Assamese Newsবিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতী!

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিবলগীয়া কামৰূপ মহানগৰ জিলাৰ বিহুৱা-বিহুৱতীসকলে আজি বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত বিহু নাচ প্ৰদৰ্শন কৰে ৷

শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ সন্মুখৰ মুকলি স্থানত জিলাখনৰ আঠশ বিহুৱা-বিহুৱতীয়ে বিহু নাচত অংশগ্ৰহণ কৰে ৷ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি আৰু শতাধিক ৰাইজে বিহু নাচ উপভোগ কৰে ৷

বিহু নাচৰ অন্তত মন্ত্ৰী হাজৰীকাই বিহুৱা-বিহুৱতী সকলক উদ্দেশ্যি কয়, ‘বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে চলোৱা এই প্ৰচেষ্টা সফল কৰাৰ বাবে আপোনালোক সকলোৱে কষ্ট কৰি আছে ৷ অংশগ্ৰহণকাৰী এঘাৰ হেজাৰ বিহুৱা-বিহুৱতীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ৷

আপোনালোকে ভৱিষ্যত প্ৰজন্মৰ ওচৰত এই মহৎ প্ৰচেষ্টাত অংশগ্ৰহণৰ গৌৰৱ কৰিব পাৰিব ৷’ বিহু নাচৰ পূৰ্বে ‘সংগীত সত্ৰ’ৰ শিল্পীসকলে কৃষ্ণ বন্দনা নৃত্য পৰিবেশন কৰে ৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ তত্বাবধানত আৰু অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাৰ তদাৰকত সাজু হৈছে বিহুৱা-বিহুৱতীসকল ৷ তেওঁলোকক প্ৰশিক্ষণ দিয়া মাষ্টাৰ প্ৰশিক্ষকৰ নেতৃত্বত আছে বিশিষ্ট শিল্পী ৰঞ্জিত গগৈ ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!