24.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

শিৱসাগৰ কলেজ খেলপথাৰত ৮৫০ গৰাকী নাচনীৰ অন্তিম আখৰা

Assamese Newsশিৱসাগৰ কলেজ খেলপথাৰত ৮৫০ গৰাকী নাচনীৰ অন্তিম আখৰা

১৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্যৰে সৰুসজাইত প্ৰদৰ্শন কৰা হ’ব বিহু নাচ । এই উপলক্ষে বিগত কিছুদিনৰ পৰা জিলা পৰ্যায়ত চলি থকা বিহু নাচৰ আখৰাৰ আজি অন্তিম দিনা শিৱসাগৰ জিলাৰ ৮৫০ গৰাকী নাচনীয়ে আখৰা কৰিছে ।

শিৱসাগৰ কলেজ খেলপথাৰত কৰা অন্তিম আখৰা পৰিদৰ্শন কৰে কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ তপন কুমাৰ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । আখৰাৰ মাজতে কান্ধত ঢোলটো লৈ এচাপৰ বজালে মন্ত্ৰী অতুল বৰাই । গালে এটি পুৰণি বিহু নামৰ কলিও ।
মন্ত্ৰীগৰাকীয়ে বিহু নাচ উপভোগ কৰি চৰকাৰে বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে এয়া অতি সুন্দৰ পদক্ষেপ লোৱা বুলি উল্লেখ কৰি সকলোৰে সহযোগিতা কামনা কৰে ।

লগতে বিহু নাচ প্ৰদৰ্শনেৰে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰ চেষ্টা কৰাটো অতি ভাল লগা কথা বুলি উল্লেখ কৰাৰ সমান্তৰালকৈ বিহুৰ স্বকীয়তা যাতে নষ্ট নহয় তাৰ বাবেও সকলোকে ধ্যান দিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে আজি শিৱসাগৰ জিলাৰ যি ৮৫০ গৰাকী নাচনীয়ে অন্তিম আখৰা কৰিছে তাৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ ৩৫০ গৰাকী, আমগুৰি সমষ্টিৰ ১০০ গৰাকী , নাজিৰা সমষ্টিৰ ২০০ গৰাকী আৰু থাওৰা সমষ্টিৰ ১৫০ গৰাকী নাচনী আৰু ঢুলীয়া আছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!