25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নগাঁৱৰ কলেজ অৱ এডুকেশ্বনত প্ৰাক্ ৰঙালী বিহু উদযাপন

Assamese Newsনগাঁৱৰ কলেজ অৱ এডুকেশ্বনত প্ৰাক্ ৰঙালী বিহু উদযাপন

নিউজ ব্যুৰ’,নগাঁও,১১ এপ্ৰিল :– বিহুক বিশ্বজনীন কৰাৰ কাৰণে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ সমান্তৰালকৈ নগাঁৱৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কলেজ অৱ এডুকেশ্বনত মংগলবাৰে দিনযোৰা কাৰ্যসূচীৰে প্ৰাক্ ৰঙালী বিহু উদযাপন কৰে । নগাঁও চহৰৰ পানীগাঁওস্থিত কলেজ অৱ এডুকেশ্বনত উদযাপন কৰা প্ৰাক ৰঙালী বিহু অনুষ্ঠানত প্ৰথম কাৰ্যসূচী হিচাপে বিহু পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আলোক গোস্বামীয়ে । ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ দুয়োটা বৰ্ষৰ প্ৰশিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে এটি সমবেত সংগীত পৰিবেশন কৰে । অধ্যক্ষা ড° মানশিখা বৰুৱাই বন্তি প্ৰজ্বলন কৰাৰ পাছতে বিশিষ্ট শিক্ষাবিদ তথা খাগৰিজান মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক মামনি ভূঞাই প্ৰাচীৰ পত্ৰিকা “কৃষ্টি সৌৰভ” উন্মোচন কৰি কয় যে মহাবিদ্যালয় এখনৰ প্ৰাচীৰ পত্ৰিকাখন শিক্ষাৰ্থীসকলৰ কাৰণে এক দাপোন স্বৰূপ । প্ৰাচীৰ বা দেৱালত এই পত্ৰিকা ওলোমাই ৰখা হয় বাবে ইয়াক প্ৰাচীৰ পত্ৰিকা বা দেৱাল পত্ৰিকা বুলি কোৱা হয় । অসমত আশীৰ দশকৰ পৰা বিদ্যালয়সমূহত প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা কাম আৰম্ভ কৰা হয় ৷ প্ৰাচীৰ পত্ৰিকাসমূহত আৰু হাতেলিখা আলোচনীসমূহত শিক্ষাৰ্থীৰ সাহিত্য প্ৰতিভাৰ অংকুৰণ ঘটে । শিক্ষানুষ্ঠানৰ বাহিৰে আন কিছুমান সাহিত্য চৰ্চা কেন্দ্ৰতো প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা হয় । প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ পাছতে আৰম্ভ হোৱা বিশিষ্ট অতিথিৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰাক্তন বিহুৰাণী তথা তেজপুৰ শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপক ৰশ্মিৰেখা শৰ্মা উপস্থিত থাকি হাতেলিখা আলোচনী “ঐক্যম” উন্মোচন কৰে। ইয়াৰ পাছতে আৰম্ভ হয় প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন,মুকলি বিহু,জেং বিহু আৰু জনজাতীয় সাংস্কৃতিক অনুষ্ঠান। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত জেং বিহুত সুস্মিতা তালুকদাৰ,ডেইজি বকলিয়াল, উষা মহন,লিপিকা হাজৰিকা, নীলম শ‌ইকীয়া,পাপৰি শ‌ইকীয়া, সবিতা কোঁৱৰ,শতাব্দী শৰ্মাকে ধৰি ১৭ গৰাকী বি এড আৰু এম এডৰ প্ৰশিক্ষাৰ্থী,মুকলি বিহুত জ্যোতিস্মিতা বৰা,কৰৱী দেৱী, দিশা শৰ্মা,নমিতা শ‌ইকীয়া, প্ৰিয়ংকা ডেকাৰজা,নীতামণি বৰা, কস্তুৰী শ‌ইকীয়া,বিপানিকা শৰ্মাই অংশগ্ৰহণ কৰে । একেদৰে মিছিং জনগোষ্ঠীৰ অনুষ্ঠানত ডিম্পী বড়ি আৰু জানমণি টায়ে আৰু বড়ো জনগোষ্ঠীৰ অনুষ্ঠানত মীনাক্ষী ব্ৰহ্ম আৰু দীপাঞ্জলী খাকলাৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে হুচৰি অনুষ্ঠানত ভায়লিনা বৰা,নিকিটা হাজৰিকা,কৰিস্মা দত্ত,লক্ষ্য জ্যোতি বৰা,স্নিগ্ধা বৰুৱা,পূজাশ্ৰী প্ৰদীপ কলিতা,ডেইজি বৰা আদিয়ে অংশগ্ৰহণ কৰে । বিহু আদৰণী অনুষ্ঠানটোত এম এডৰ শিক্ষাৰ্থী ক্ৰমে ৰেৱত চাংমাই, মানশ্ৰী বৰা,কুশজ্যোতি দেৱনাথ আৰু মুস্তাক আহমেদে বিহুগীত পৰিবেশন কৰে । বিহু সুৰীয়া গীতৰ সুৰ সমলয় সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষাৰ্থী সংঘমিত্ৰা শীলে গীত পৰিবেশনেৰে সকলোকে আপ্লুত কৰে । মহাবিদ্যালয়খনৰ শিক্ষয়িত্ৰী ড° মিনতি শৰ্মা ভৰালী আৰু জাহ্নৱী দাসৰ তত্বাবধানত অনুষ্ঠিত সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে প্ৰশিক্ষাৰ্থী নিৰ্মালী মহন্ত আৰু দেৱাশীষ শৰ্মাই।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!