25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

নগাঁৱৰ চকৰিগাঁৱত লেখিকা সংস্থাৰ কলংপাৰ শাখাৰ সপ্তম দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

Assamese Newsনগাঁৱৰ চকৰিগাঁৱত লেখিকা সংস্থাৰ কলংপাৰ শাখাৰ সপ্তম দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন

 

 

নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–লেখিকা সংস্থা,অসমৰ অন্যতম অগ্ৰণী কলংপাৰ শাখাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি ৰবিবাৰে অনুষ্ঠিত হৈ যায় । চকৰি গাঁও মজলীয়া বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় দিনা পুৱা লেখিকা সংস্থাৰ পতাকা উত্তোলন কৰে কলংপাৰ শাখা লেখিকা সংস্থাৰ সভানেত্ৰী অৰুনিমা বৰাই আৰু স্মৃতি তৰ্পণ মুকলি কৰে শাখাৰ উপদেষ্টা বৈজয়ন্তী খাউণ্ডে । বিয়লি শাখাৰ সভানেত্ৰী অৰুণিমা বৰাৰ সভানেত্ৰীত্বত অনুষ্ঠিত মুকলি সভা,বঁটা বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ সভাখনত বিশিষ্ট অতিথি হিচাপে সাপ্তাহিক “কলংপাৰ” কাকতৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰিণ্টু দাসে অংশগ্ৰহণ কৰি সাৱলীল ভাষণ প্ৰদান কৰে। কলংপাৰ শাখা লেখিকা সংস্থাৰ সম্পাদিকা তুলু হাজৰিকা আৰু শিক্ষয়ত্ৰী ৰুবী বৰাই আঁত ধৰা সভাখনিত শাখাৰ মুখপত্ৰ “প্ৰাঞ্জলি” উন্মোচন কৰে নগাঁও শাখা লেখিকা সংস্থাৰ সভানেত্ৰী উপমা মজুমদাৰে। এই সভাতেই শাখাৰ সভানেত্ৰী অৰুনিমা বৰাৰ “বিয়ানাম” নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, লেখক তথা শিল্পী গোলাপ বৰাই।লেখিকা দীপ্তি বৰা,কবি বসন্ত কৌশিক ভাগৱতী,ময়ূৰ কুমাৰ বৰা,অনিল কুমাৰ শৰ্মাই ভাষণ আগবঢ়োৱা সভাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কেইবাগৰাকী কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে শাখাৰ অধিৱেশনত অনুষ্ঠিত হোৱা অসম ভিত্তিত গল্প চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক পুৰস্কৃত কৰা হয়। উক্ত সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কাতি ৰাম বৰা,থুলেশ্বৰ বৰা,লেখিকা বৈজয়ন্তী খাউণ্ড,অঞ্জলী বৰকাকতী,কুমুদ চন্দ্ৰ বৰা,অমিয়া গোস্বামী,তগৰ গোস্বামী,মেধাবী ছাত্র ত্ৰিদীপ বৰা প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে দুদিনীয়া অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিয়লি কলংপাৰ শাখা লেখিকা সংস্থাৰ বিষয় বাছনি সভা অনুষ্ঠিত হয়। সভাত সৰ্বসন্মতিক্রমে অৰুনিমা বৰাক সভানেত্ৰী,তুলু হাজৰিকাক সম্পাদিকা,তৰামাই বৰাক কাৰ্যকৰী সভানেত্ৰী,জেউতি হাজৰিকাক উপ সভানেত্ৰী,মিনু শইকীয়া,অঞ্জলী বৰাক সহকাৰী সম্পাদিকা,তৃপ্তিৰেখা কাকতি আৰু অমিয়া গোস্বামীক পত্ৰিকা সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া কলংপাৰ শাখা লেখিকা সংস্থাৰ নতুন সমিতি গঠন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!