23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

নগাঁৱৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন সম্পন্ন

Assamese Newsনগাঁৱৰ জাজৰিৰ ঢলপুৰীয়াত জী-জোঁৱাই সন্মিলন সম্পন্ন

 

নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–আমাৰ সমাজত একাত্মকতাৰে থকা মোমাই-মামী, মহা-মাহী,বৰদেউতা-বৰমা,দদাই, পেহা-পেহী,তাৱৈ-আমৈ,জেঠপেহা-জেঠাই আদি অসমীয়া সমন্ধবোৰ দৰে অতি মৰমৰ আন এক সমন্ধ হৈছে “জী-জোঁৱাই”ৰ সমন্ধ । পিছে আধুনিকতাৰ গ্ৰাসত পৰি ক্ৰমান্বয়ে নৱ প্ৰজন্মই আনবোৰৰ দৰে জী-জোঁৱাইৰ মধুৰ সমন্ধৰ বিষয়েও বুজি নোপোৱা পৰিলক্ষিত হৈছে ৷ সেয়ে এই সমন্ধৰ আত্মীয়তা তথা ইয়াৰ অন্তৰ্নিহীত অৰ্থৰ বিষয়ে নৱ প্ৰজন্মক বুজাই দিয়াৰ লগতে ইয়াক পুনৰাই উজ্জীৱিত কৰি তোলাৰ প্ৰয়াসেৰে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰিত দেওবাৰে অনুষ্ঠিত কৰা হয় এক ব্যতিক্ৰমী অনুষ্ঠান । সেই অনুসৰি জাজৰিৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান ঢলপুৰীয়া যুৱক সংঘ,অনন্ত পুথিভঁড়াল আৰু সামূহিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় “জী-জোঁৱাইৰ সন্মিলন” ৷ ঢলপুৰীয়া দৌল মন্দিৰ প্ৰাংগণত ওলহ-মালহেৰে আয়োজিত হোৱা এই সন্মিলনত বিভিন্ন প্ৰান্তত সংসাৰ কৰি থকা বৃহত্তৰ ঢলপুৰীয়াৰ জী-জোঁৱাইসকল সমবেত হয় । এনেদৰে বহু বছৰৰ মূৰত একেখন গাঁৱৰে জীয়ৰীসকল একলগে সমবেত হৈ সকলোৱে ব্যস্ততাপূূূৰ্ণ জীৱনৰ কথা পাহৰি আৱেগ বিভুৰ হৈ পৰে ৷ মনত ভাঁহি উঠে জীয়ৰী কালৰ জীৱনৰ স্মৃতিবোৰ ৷ অতীত ৰোমন্থন কৰি সকলো নষ্টালজিক হোৱাৰ লগতে সকলো ব্যস্ত হৈ পৰিল কবিতা-নৃত্য-গীতেৰে সময় স্মৰণীয় কৰি তোলাত ৷ ফলত স্মৰণীয় এই ব্যতিক্ৰমী অনুষ্ঠানটো বাংময় হৈ পৰা দেখা যায় ৷ আনকি কোনো কোনোৱে খেল-ধেমালী বা কথোপকথনত ব্যস্ত হোৱাৰে বিপৰীতে বিৱৰিঁলে নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মময় জীৱনৰ কথা ৷ তদুপৰি উদ্যোক্তাসকলে আটকধুনীয়াকৈ তৈয়াৰ ছেল্ফি পইণ্টত সকলোৱে হাঁহি-স্ফূৰ্তিৰে অনুষ্ঠানৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ফটো উঠে নিজৰ নিজৰ ম’বাইলত ৷ ইয়াৰ মাজতে জোঁৱাইসকলক গামোছাৰে আদৰণি জনোৱাৰ লগতে মৰমৰ চুমা যাচে গাঁৱৰ ৰাইজে। যাৰ পৰিপেক্ষিতত নাতি-নাতিনী, জী-জোঁৱাইৰ উপস্থিতিত উদুলি মুদুলি পৰিবেশ সৃষ্টি হয় জাজৰিৰ ঢলপুৰীয়া দৌল মন্দিৰ প্ৰাংগণ ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!