38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত “নাক”ৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দল

Assamese Newsনগাঁৱৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত "নাক"ৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দল

 

 

নিউজ ব্যুৰ’,নগাঁও,৩এপ্ৰিল:–ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ “নাক” ‘!(NAAC)ৰ তিনিজনীয়া এটা দলে সোমবাৰে প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় । পৰিদৰ্শনকাৰী দলটোক মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত গায়ন বায়নেৰে উষ্ম আদৰণি জনোৱা হয়। প্ৰফেচাৰ জগদীশ কুমাৰ পাটনায়ক(Prof. Jagdish Kr Patnaik),প্ৰফেচাৰ চি মধুমতী (Prof.C Madhumathi) আৰু ড° মহাদেৱ
স্বামী এন (Dr. Mahadevaswmy N) নামৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দলটো মহাবিদ্যালয়খনত উপস্থিত হয়। দলটো উপস্থিত হোৱাৰ পিছত অধ্যক্ষ দেৱজিৎ মহন্তই মহাবিদ্যালয়ৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰে। পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মূৰব্বীসকলৰ লগত মত বিনিময় কৰি কাৰ্যালয়,আই কিউ এ চিৰ লগতে মহাবিদ্যালয়ৰ পুথিভঁৰাল পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ অন্তত ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগত মত বিনিময় কৰে “নাক”ৰ দলটোৱে । “নাক”ৰ পীৰ(NAAC PEER)দলৰ পৰিদৰ্শনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰগীত,সত্রীয়া নৃত্য,জিকিৰ,তিৱা নৃত্য,বিহু,ৰাস নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় । উল্লেখযোগ্য যে নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়খন ২০১৩ চনত চৰকাৰীকৰণ হয় যদিও “নাক”ৰ পৰিদৰ্শন হোৱা নাছিল। ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয়খনত সোমবাৰে প্ৰথম বাৰৰ বাবে নাকৰ দল উপস্থিত হৈ পৰিদৰ্শন কৰি যোৱাৰ পিছতেই গ্ৰামাঞ্চলত স্থাপন হোৱা অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানখনে বিশেষ গুৰুত্ব লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!