25.2 C
Assam
Wednesday, August 10, 2022

Featured News

Royal Enfield Hunter 350 launched in India

Royal Enfield has finally launched the much-anticipated Hunter...

Minor girl raped near New Delhi railway station, 2 arrested

Two hawkers have been arrested for allegedly...

নগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত কাইলৈৰ পৰা সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা

Assamese Newsনগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত কাইলৈৰ পৰা সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা

নিউজ ব্যুৰ’,নগাঁও,৯জুলাই:–নতুন প্ৰজন্মৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু অনুশীলন অব্যাহত ৰখাৰ প্ৰয়াস হিচাপে নগাঁও জিলাৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত অহা ১০ জুলাইৰ পৰা ২৪ জুলাইলৈ সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে ।

গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱাৰ ঐতিহাসিক শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আয়োজিত কৰ্মশালাখনি পৰিচালনা কৰিব সাংস্কৃতিক কৰ্মী ইন্দ্ৰ মোহন বৰুৱাই । কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক তত্ত্বাৱধায়কত্ৰয় সাংবাদিক জগন্নাথ কলিতা (৯১০১৩৪৪১৭২),শিল্পী তৃতিষা ভৰালী (৯৮৫৪৫৫৭১৪৮) আৰু শিল্পী অৰ্পণা কলিতা (৯৭০৭৩৫৮৩৫৯)ৰ লগত আগতীয়াকৈ যোগাযোগ কৰিবলৈ আয়োজকসকলে অনুৰোধ জনাইছে । কৰ্মশালাখনিত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক ৰূপে মাজুলীৰ উত্তৰ কমলাবাৰীৰ লক্ষ্যজিৎ শইকীয়া উপস্থিত থাকিব ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: