নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙত নৱকান্ত বৰুৱাৰ সোঁৱৰণত দলঙত কবিতা

নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙত নৱকান্ত বৰুৱাৰ সোঁৱৰণত দলঙত কবিতা

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই :–ৰবিবাৰে ১৪ জুলাই। কলংপৰীয়া কবি নৱকান্ত বৰুৱাৰ বিয়োগৰ দিন। ২০০২ চনত কবি গৰাকীৰ কায়িক বিদায়ৰ পাছৰপৰা নগাঁৱৰ ৰত্নকান্ত বৰকাকতি দলঙত প্ৰতিবছৰে উদযাপিত হৈ আহিছে দলঙত কবিতা। দলঙত কবিতা অনুষ্ঠানৰ উদ্যোক্তা বিশিষ্ট কবি প্ৰয়াগ শ‌ইকীয়াই প্ৰয়াত কবি নৱকান্ত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াই কলঙৰ বুকুত কবিতা উটুৱাই আৰম্ভ কৰা অনুষ্ঠানত পোন প্ৰথমে বন্দনা শৰ্মাই প্ৰয়াত কবি পুলকানন্দ কৌশিকৰ এটা কবিতা পাঠ কৰে। ইয়াৰ পাছতে কবি চন্দ্ৰ শ‌ইকীয়া, অনিল শৰ্মা,অঞ্জনা গোস্বামী,কাৰুণ্য ভট্টাচাৰ্য্য,বিচিত্ৰ নাৰায়ণ বৰা,গুণদা গোস্বামী,উজ্জ্বল জ্যোতি দাস,কুমাৰ বিভূতি,দীপিকা বৰা,কবিতা দাস,জয়ন্তী বৰা,বেলা মোদী,লিলি সন্দিকৈ,বিপুল কুমাৰ মজিন্দাৰ,শেৱালী বৰুৱা প্ৰমুখ্যে একুৰিৰো অধিক কবিয়ে দলঙত কবিতা পাঠেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। পূৰৱী শ‌ইকীয়া আৰু নিৰ্মালী বৰাই দুটা কবিতা আবৃত্তি কৰাৰ সমান্তৰালকৈ প্ৰফুল্ল বৰা,কুমকুম বৰুৱা আৰু উজ্জ্বল জ্যোতি দাসে একোটিকৈ গীত পৰিৱেশন কৰে। নৱৰূপ জাতীয় বিদ্যাপীঠৰ মুকুল শ্ৰেণীৰ ছাত্ৰী কণমানি দস্মিতা শ‌ইকীয়াই কবি নৱকান্ত বৰুৱাৰ এটি কবিতা আবৃত্তিৰে সকলোকে আনন্দ দিয়ে। কবি নবীন কলিতাই সামগ্ৰীকভাৱে আঁত ধৰা অনুষ্ঠানটোৰ আন এগৰাকী উদ্যোক্তা শিশুবন্ধু দুলাল বৰা উপস্থিত থাকি কবি নৱকান্ত বৰুৱাৰ প্ৰতি নগঞা ৰাইজে কৰি অহা এনে স্মৰণে অকল কবিতাকেই নহয় অসমীয়া জাতিৰ পুৰোধা ব্যক্তিসকলৰ কৰ্মৰাজিক নতুন প্ৰজন্মৰ ওচৰত পৰিচয় কৰি দিয়াত সহায়ক হয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিগত প্ৰায় বাইছ বছৰে চলি অহা “দলঙত কবিতা অনুষ্ঠান”ৰ জৰিয়তে অসমৰ প্ৰতিখন দলঙতে আজিৰ দিনটোত এনে অনুষ্ঠানৰ আয়োজন কৰিবলৈ এটা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰে। লগতে কলঙৰ হাতীমূৰা বান্ধটো ভাঙি কলঙক প্ৰাকৃতিকভাবে বৈ আহিবলৈ দিব লাগে বুলিও কয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related