32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

নগাঁৱৰ ৰহাৰ বিশিষ্ট শিক্ষাবিদ-সমাজ সংগঠক হিৰণ্য নাৰায়ণ বৰাৰ পৰলোক

Assamese Newsনগাঁৱৰ ৰহাৰ বিশিষ্ট শিক্ষাবিদ-সমাজ সংগঠক হিৰণ্য নাৰায়ণ বৰাৰ পৰলোক

নিউজ ব্যুৰ’,নগাঁও,২২এপ্ৰিল:–বৃহত্তৰ ৰহাৰ মহীৰূহ সদৃশ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী,সমাজ সংগঠক,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ হিৰণ্য নাৰায়ণ বৰা (৮৭)ৰ শুকুৰবাৰে নিশা গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰহাত গভীৰ শোকৰ ছাঁ পৰে । মৃতদেহ ৰহাৰ বাসগৃহলৈ অনাৰ পাছতে অসংখ্য গুণমুগ্ধই তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পাছতে এখন পুষ্পসজ্জিত বাহনৰে শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহটো ৰহাৰ মাজেৰে পৰিভ্ৰমণ কৰাৰ লগতে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়,ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ,ৰহা মহাবিদ্যালয়,ৰহা প্ৰাঞ্জল মেম’ৰিয়েল একাডেমি,শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন-ৰহা,ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ,ৰহা পৌৰসভাৰ কাৰ্যালয়ৰ উপৰিও ৰহাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ নিয়ে আৰু শেষ শ্ৰদ্ধা জনায় ৷ বৃহত্তৰ ৰহা অঞ্চলৰ সমাজিক,সাংস্কৃতিক আৰু শৈক্ষিক জগতৰ উত্তৰণত অনবদ্য বৰঙণি আগবঢ়াই যোৱা বিশিষ্ট শিক্ষাবিদগৰাকীৰ জন্ম হৈছিল ১৯৩৬ চনত কলঙৰ পাৰৰ বুৰঞ্জীখ্যাত ৰহাচকী গাঁৱত ৷ পিতৃ ডিম্বেশ্বৰ বৰা আৰু মাতৃ জয়মতী বৰাৰ সুযোগ্য সন্তান হিৰণ্য নাৰায়ণ বৰাই ৰহা মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু মজলীয়া বৃত্তি পৰীক্ষাত নগাঁও জিলাৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হয় ৷ ইয়াৰ পাছত ৰহা হাইস্কুলৰ পৰা ১৯৫২ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণহৈ নগাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ আই এ এচ  পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ উচ্চ শিক্ষাৰ বাবে কটন কলেজত নাম ভৰ্তি কৰি কটনৰ পৰাই  বি এ পাছ কৰি ৰহালৈ ঘুৰি আহে । ১৯৬০ চনত ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে । তেখেতে পাছত যোৰহাটৰ প’ষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ পৰা বি টি পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয় আৰু ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু বিষয় শিক্ষকলৈ পদোন্নতি হয় । ১৯৭৬ চনত মৰিগাঁও জিলাৰ মনহা হাইস্কুলত প্ৰধান শিক্ষক হিচাপে যোগদান কৰাৰ পাছত ১৯৭৮ চনত পুনৰ ৰহালৈ আহি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপাধ্যক্ষ হিচাপে যোগদান কৰে । একেৰাহে চৈধ্য বছৰ কাল ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৯২ চনত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰি ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰে। শিক্ষাৰ লগতে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হিৰণ্য নাৰায়ণ বৰাই ৰহাৰ লগতে বৃহত্তৰ অঞ্চলটোত বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। ৰহাত বি এড কলেজ প্ৰতিষ্ঠা কৰি ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে সেৱা আগবঢ়াইছিল ৷ ৰহাত অসম সাহিত্য সভাৰ শাখা গঠন কৰাৰ অগ্ৰণী ভূমিকা লোৱা বৰাই ১৯৮০ চনৰ ৰহা সাহিত্য সভা অধিৱেশনত সম্পাদক দায়িত্ব লৈ ৰহা অধিৱেশন সফলভাৱে ৰূপায়ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷ হিৰণ্য নাৰায়ণ বৰাই ৯০ দশকৰ মাজভাগত জ্ঞান-বিজ্ঞান সমিতি অসমৰ উপ- সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি ৰহা খণ্ডত সাক্ষৰতাৰ কামত আগভাগ লৈছিল ৷ এজন নাট্যকাৰ হিচাপেও পৰিচিত হিৰণ্য নাৰায়ণ বৰাই অভিজাত্য,মিৰি জীয়ৰী,পদুম কুঁৱৰী,কেপ্টেইন বেজবৰুৱা আদি চাৰি খনকৈ নাটক লিখাৰ লগত কেইবাখনো নাটকত অভিনয় কৰি দৰ্শকৰ সমাদৃত হৈছিল ৷ সুবক্তা বৰাৰ মৃত্যুত ৰহা আঞ্চলিক সাংবাদিক সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতি,ৰহা আঞ্চলিক ছাত্ৰ সন্থা,মানৱ অধিকাৰ সংগ্ৰাম সমিতি ৰহা আঞ্চলিক (মাছ),ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ,কপিলী প্ৰাথমিক শিক্ষক সন্মিলনী,পূৱ সৰাগাঁও ববৰাআটি মধুপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতি,পূৱ সৰাগাঁও সেউজ সাধনা শিল্পী সমাজ,ৰহা বহাগী মেলা,লেখিকা সমাৰোহ ৰহা শাখা,সূৰ্যবতী শাখা সাহিত্য সভা,ৰহা মাৰোৱাৰী এচোছিয়েচন,ৰহা নগৰ মণ্ডল  বিজেপি, ৰহা ব্যৱসায়ী সন্থাৰ লগতে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মৃদুল হাজৰিকা,ডুগডুগীৰ স্বত্বাধিকাৰী তথা যুৱ সমাজ সংগঠক উৎপল বনিয়া,বিশিষ্ট লেখিকা মনোৰমা ভূঞা,ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাৰ লগতে বহু সংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিয়ে শোক প্ৰকাশ কৰে ৷বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত ৰহাৰ সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখা হয় ৷ মৃত্যুৰ সময়ত তেখেতে দুজন পুত্ৰ,বোৱাৰী আৰু দুগৰাকী কন্যা এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত বৃহত্তৰ ৰহা অঞ্চলত শোকৰ ছাঁ পৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!