নাজিৰাত অংকুৰণ সংগীত বিদ্যালয়ৰ সৌজন্যত সত্ৰীয়া নৃত্য ,বৰগীত আৰু খোলবাদন প্ৰতিযোগিতা সম্পন্ন

নাজিৰাত অংকুৰণ সংগীত বিদ্যালয়ৰ সৌজন্যত সত্ৰীয়া নৃত্য ,বৰগীত আৰু খোলবাদন প্ৰতিযোগিতা সম্পন্ন

নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে নাজিৰাৰ নাট্যমন্দিৰ ,শংকৰদেৱ সংঘৰ নামঘৰত সদৌ অসম ভিত্তিত সত্ৰীয়া নৃত্য ,বৰগীত আৰু খোলবাদন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

প্ৰথম দিনা সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে বৰগীত আৰু খোলবাদন প্ৰতিযোগিতাত বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

দ্বিতীয় দিনা বটা বিতৰণী সভাৰ লগতে অংকুৰণ সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সত্ৰীয়া নৃত্য,এটি কলি দুটি পাত শীৰ্ষক ড° ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰে সকলোকে আপ্লুত কৰে ৷

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

GTM Desk

Related