41.3 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নিমখৰ লগতে ফেনাইল ঢালি বস্তাত ভৰাই পুতি থৈছিল প্ৰাঞ্জলক

Assamese Newsনিমখৰ লগতে ফেনাইল ঢালি বস্তাত ভৰাই পুতি থৈছিল প্ৰাঞ্জলক

এপ্ৰিল সুদীৰ্ঘ চাৰিমাহৰ অন্তত প্ৰাঞ্জল মৰাণৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰৰ পিচতেই মাকুম শুকানী গাঁৱত শোকাকুল পৰিৱশেৰ সৃষ্টি হৈছে Pranjal Moran Murder Case ৷ নিমখ আৰু ফেনাইল চতিয়াই বস্তাত ভৰাই কয়লাখনিৰ 3০০ ফুট গভীৰত পুতি ৰখা হৈছিল প্ৰাঞ্জল মৰাণক

আইজিপি জিৎমল দলেৰ নেতৃত্বত চলোৱা ধাৰাবাহিক অভিযানৰ ফলত শুকুৰবাৰে পুৱা ভাগত প্ৰাঞ্জল মৰাণৰ মৃতদেহটো কয়লাখনিৰ ভিতৰত প্ৰায় 300 ফুট তলত বস্তাত ভৰাই থোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ তাৰ পিচতে বস্তাটো ওপৰলৈ উলিয়াই আনি খুলি দিয়াত ওলাই পৰিছিল প্ৰাঞ্জলৰ অৰ্ধগলিত মৃতদেহ

বস্তাটো খুলি দিয়াৰ লগে লগেই নিমখ আৰু ফেনাইলৰ গোন্ধ নাকত লাগিছিল উপস্থিত থকা লোকসকলৰ ৷ আনকি বস্তাৰ ভিতৰত নিমখৰ পেকেটো সোমাই আছিল ৷ উক্ত স্থানত পত্নী উৰ্বশী মৰাণৰ লগতে পৰিয়ালে উপস্থিত হৈ মৃতদেহটো প্ৰাঞ্জল মৰাণৰ বুলি চিনাক্ত কৰাৰ পিচতে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে মৃতদেহটো তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল

ইফালে প্ৰাঞ্জলৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি খবৰ পোৱাৰ পিচতে গাঁওবাসীৰে ভৰি পৰে প্ৰাঞ্জলৰ বাসগৃহ ৷ প্ৰাঞ্জল মৰাণৰ মৃতদেহ বাসগৃহলৈ অনাৰ পাচতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ শোকস্তব্ধ প্ৰাঞ্জলৰ পত্নীয়ে স্বামীৰ মৃতদেহ প্ৰত্যক্ষ কৰি কান্দোনত ভাগি পৰে Urbashi Moran reacts on husbnad death ৷ ‘‘মোৰ স্বামীক কুকুৰ মেকুৰীতকৈও বেয়াকৈ ব্যৱহাৰ কৰিলে এটা মৃত কুকুৰ মেকুৰী সমাধিস্থ কৰিলেও ইয়াতকৈ ভালকৈ সমাধিস্থ কৰে এনেদৰে শৰীৰত নিমখ ফেনাইল চটিয়াই বস্তাত ভৰাই সমাধিস্থ নকৰে বুলি ক্ষোভ উজাৰে পত্নীয়ে

 

ইয়াৰ সমান্তৰালকে প্ৰাঞ্জলৰ বাসগৃহত বিভিন্ন দলসংগঠনৰ লোক উপস্থিত হয় ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱকান্ত মৰাণে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷ ইমানদিনে কি কাৰণে উদ্ধাৰ কাৰ্য সঠিকভাৱে চলোৱা নাছিল তাৰ উচিত তদন্ত কৰিবলৈ দাবী জনায় ৷

লগতে এজাহাৰত মূল অভিযুক্ত হিচাপে নাম সন্নিৱিষ্ট হোৱা বি গণেশৰ লগতে এই ঘটনাৰ লগত জড়িত প্ৰতিটো অপৰাধীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷ ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক উমানন্দ মুদৈ মৰাণে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক উৰ্বশী মৰাণক সংস্থাপন প্ৰদান কৰিবলৈ দাবী জনায় ৷তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল প্ৰাঞ্জল মৰাণ ৷ তাৰ পিচতেই প্ৰাঞ্জলৰ পৰিয়ালৰ লোকে যোৱা ৪ ফেব্ৰুৱাৰীতে লিডু আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷ পৰৱৰ্তী সময়ত প্ৰাঞ্জলৰ পত্নী উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কাষ চাপি সমগ্ৰ ঘটনা বিৱৰি কৈছিল ৷ লগতে পঢ়ক Pranjal Moran case প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ বাবে লিডুৰ কয়লাখনিত আৰক্ষীৰ অভিযানজি পি সিঙে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ পাচত IGP জিৎমল দলেক উক্ত ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি ৭ এপ্ৰিলৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল Pranjal Moran body recovered৷ IGP জিৎমল দলেৰ নেতৃত্বত প্ৰথম পৰ্যায়ত ৰূপ চাই কুজুৰ আৰু বাবু পাহাৰ নামৰ দুই কয়লা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । দুয়োজনেই প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমাধিস্থ কৰাৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ধৃত দুয়ো অভিযুক্তকে লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছিল প্ৰাঞ্জলক মৃতদেহ উদ্ধাৰৰ অভিযান ৷ “

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!