পথ মেৰামতি নকৰাৰ ফলত বিপাঙত পৰিছে অঞ্চলবাসী!

পথ মেৰামতি নকৰাৰ ফলত বিপাঙত পৰিছে অঞ্চলবাসী!

ৰঙিয়া মহকুমাৰ অন্তৰ্গত হাজোৰ কহৰতোলা চুবুৰীৰ পৰা ধুহিলৈ যোৱা পথচোৱা বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বিপাঙত পৰিছে অঞ্চলবাসী । এই পথটোৰে নিতৌ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসালয়লৈ বহু সংখ্যক ৰোগী অহা যোৱা কৰে ।

কিন্তু এজাক বৰষুণতেই বোকা পানীৰে ভৰি পৰাৰ ফলত পথচোৱাৰে পাৰ হ’বলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় যাত্ৰীসকলে । ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে ।

শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কানসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে । ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায় ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

GTM Desk

Related