পান-আধাৰ সংযোগৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি

পান-আধাৰ সংযোগৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে আধাৰক পেনৰ সৈতে সংযোগ কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া কৰদাতাই ২০২৩ চনৰ ৩০ জুনৰ ভিতৰত পেনক আধাৰৰ সৈতে সংযোগ কৰিব পাৰিব। শীঘ্ৰে এই সন্দৰ্ভত চৰকাৰে অধিসূচনা জাৰি কৰিব।

বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে কৰদাতাক সকাহ দিবলৈ আধাৰক পেনৰ সৈতে সংযোগ কৰাৰ সময়সীমা ২০২৩ চনৰ ৩১ মাৰ্চৰ পৰা ২০২৩ চনৰ ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পিছত কৰদাতাই কোনো ধৰণৰ হেঁচা নোহোৱাকৈ আধাৰক পেনৰ সৈতে সংযোগ কৰিব পাৰিব।

GTM Desk

Related