25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

পৃথিৱীৰ এনে কিছুমান ৰহস্যময় ঠাই, যি গুগল মেপত দৃশ্যমান নহয়….

Assamese Newsপৃথিৱীৰ এনে কিছুমান ৰহস্যময় ঠাই, যি গুগল মেপত দৃশ্যমান নহয়….

পৃথিৱীৰ এনে কিছুমান ৰহস্যময় ঠাই, যি গুগল মেপত দৃশ্যমান নহয়….

গুগল মেপ বুলি কলে সাধাৰণতে সকলো ঠিকনাই অতি সহজে লাভ কৰিব পাৰি। সকলো ধৰণৰ তথ্যৰ একমাত্ৰ সমল বুলিলেও ভুল কোৱা নহব গুগল মেপ। পিছে সেই গুগল মেপতো কিছুমান ঠাই দেখিবলৈ পোৱা নাযায়।

ৰহস্যঘন ঠাই সমূহ বিচাৰিবলৈ চেষ্টা কৰিলে সেই ঠাই সমূহ অস্পষ্ট তথা ব্লাৰ দেখা যায় বা কেতিয়াবা একেবাৰে ক’লা ৰঙৰ দেখা যায়। এনে কিছুমান ঠাই হয়তো সুৰক্ষাজনিক কাৰণত মিলিটাৰী কেম্প হব পাৰে, কিন্তু তাৰ বাহিৰেও কিছুমান দ্বীপ আদিয়ো দেখা পোৱা নাযায় গুগল মেপত।

বিশ্বৰ এনে কিছুমান কাৰাগাৰ আছে যাৰ ফটো বা কোনোধৰণৰ তথ্যা গুগল মেপত নিষিদ্ধ। কিয়নো কাৰাগাৰৰ ঠিকনা এক সংবেদনশীল ঠিকনা হিচাপে ধৰা হয়। চেণ্ট্ৰেল ফ্লাঞ্চৰ এখন কাৰাগাৰ গুগলত দেখা পোৱা নাযায়।

কিয়নো এই জেলৰ পৰা পলাবলৈ হত্যাকাৰীয়ে গুগল মেপৰ সহায় লৈছিল। যাৰ বাবহেই ২০১৮ চনত গুগলৰ পৰা সকলো ধৰণৰ তথ্য, ফটো আদি নোহোৱা কৰি দিয়া হয়।

প্ৰশান্ত মহাসাগৰত থকা এক দ্বীপ . যাৰ আধা অংশ গুগলত দেখুৱা নহয়। কিয়নো সেই আধা অংশত পাৰমাণৱিক ইতিহাস জড়িত হৈ আছে। ফ্ৰাঞ্চে ১৯৬৬ চনৰ পৰা ১৯৯৬ চনলৈ সেই স্থানত ১৮১ টাকৈ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল।

চাইবেৰিয়া সাগৰতো থকা এটা দ্বীপ গুগল মেপত নেদেখুৱাই। অৱশ্যে ইয়াৰ কোনো সঠিক কাৰণ গুগলে দৰ্শোৱা নাই যদিও, দ্বীপটোক লৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত সংঘাট চলি আছে । দুয়ো দেশে দ্বীপটো নিজৰ নিজৰ বুলি দাবী কৰে।

গুগল মেপত দেখা নোপোৱা ঠাইৰ ভিতৰত সৰ্বাধিক কিম জং উনৰ দেশ উত্তৰ কোৰিয়া শীৰ্ষত । দেশ খনৰ বহু ঠাই মেপত নিষিদ্ধ।

আমেৰিকাৰ আলাস্কাত থকা এক অংশও গুগল মেপত দেখা পোৱা নাযায়। প্ৰায় তিনি দশক ধৰি সেই ঠাইত আণ্ডাৰগ্ৰাউণ্ডত পাৰমাণৱিক পৰীক্ষা নিৰিক্ষা সম্পন্ন হৈছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!