32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

প্ৰথমগৰাকী ডক্টৰেট মুখ্যমন্ত্ৰী অসমৰ…

Assamese Newsপ্ৰথমগৰাকী ডক্টৰেট মুখ্যমন্ত্ৰী অসমৰ...

নিৰ্বাচনত প্ৰতিদ্বিন্দিতাৰ বাবে দাখিল কৰা নমিনেছনত দেশৰ প্ৰতিগৰাকী প্ৰাৰ্থী তথা ৰাজনৈতিক নেতাৰ শৈক্ষিগত অৰ্হতা কিমান এই তথ্য উল্লেখ কৰিব লাগে ৷

যিহেতু ৰাজনৈতিক নেতাসকলৰ শৈক্ষিক অৰ্হতাকলৈ ৰাইজৰ মাজতে শাসক বিৰোধী সকলোৰে মাজত প্ৰায়ে চৰ্চা হোৱা পৰিলক্ষিত হয়৷ শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শৈক্ষিক অৰ্হতাকলৈ প্ৰশ্ন উত্থাপন কৰিছিল ৷

এনেবোৰ বাদ-বিবাদৰ মাজতে শেহতীয়াকৈ এছচিয়েছন ফ’ৰ ডেমক্ৰেটিক ৰিফৰ্মছৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে ৷ দেশৰ ২৮ খন ৰাজ্যৰ উপৰিও ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৩০ জন মুখ্যমন্ত্ৰী আছে ৷ কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু আৰু কাশ্মীৰত বৰ্তমানে কোনো মুখ্যমন্ত্ৰী নাই ৷

এডিআৰৰ ১২ এপ্ৰিলত প্ৰকাশিত তথ্য অনুসৰি আটাইকেইজন মুখ্যমন্ত্ৰীৰ ভিতৰত ৩৭ শতাংশই নিজকে স্নাতক ডিগ্ৰীধাৰী, ১৪ শতাংশই পেছাদাৰী স্নাতক আৰু ৩০ শতাংশই স্নাতকোত্তৰ বুলি নিজকে উল্লেখ কৰিছে ৷

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দেশৰ ভিতৰতে ডক্টৰেট ডিগ্ৰীধাৰী প্ৰথমজন মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ বিপৰীতে বৰ্তমানৰ শাসনত থকা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে দশম শ্ৰেণী উত্তীৰ্ণ ৷

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মুখ্যমন্ত্ৰীসকলৰ তালিকাত আছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৷

দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলৰ ভাৰতৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!