25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি…

Assamese Newsপ্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি...

সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কেৰালালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৰাজ্যখনৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীক আত্মঘাতী বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে কোনো অজ্ঞাত লোকে ।

১৭ এপ্ৰিলত এই হত্যাৰ ভাবুকি ভৰা পত্ৰ লাভ কৰিছে কেৰলা ৰাজ্যিক বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে । পত্ৰখন মালায়লম ভাষাত প্ৰেৰণ কৰা হৈছে ।

কোচিৰ এজন ব্যক্তিয়ে প্ৰেৰণ কৰিছে এই পত্রখন । য’ত উল্লেখ আছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰেই হত্যা কৰা হ’ব প্ৰধানমন্ত্ৰী মোডীক । আৰু ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ প্ৰাণে মৰাৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীক ইতিমধ্যই অৱগত কৰিছে ।

পত্ৰখনত উল্লেখিত ঠিকনাৰ ভিত্তিত আৰক্ষীয়ে এন কে জনী নামৰ ব্যক্তিজনক বিচাৰি উলিয়াইছে যদিও লোকজনে পত্ৰ প্ৰেৰণ কৰাৰ বিষয়টো আৰক্ষীৰ আগত অস্বীকাৰ কৰিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!