30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

“বঁটা বা সন্মানে আগুৱাই যোৱাত প্ৰেৰণা দিয়ে”—লাভলীনা বৰগোঁহাই, নগাঁৱত “ৰণাংগন সন্মান প্ৰদান

Assamese News"বঁটা বা সন্মানে আগুৱাই যোৱাত প্ৰেৰণা দিয়ে"---লাভলীনা বৰগোঁহাই, নগাঁৱত "ৰণাংগন সন্মান প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,১১এপ্ৰিল:–“বঁ‌টা বা সন্মানে আগুৱাই যোৱাত প্ৰেৰণা দিয়ে। ৰণাংগনৰ দৰে অনুষ্ঠানে সন্মান জনোৱাত আৰু এঢাপ আগুৱাই যোৱাত সহায়ক হ’ব ।”–এই মন্তব্য বিশ্ব বিজয়ী লাভলীনা বৰগোঁহাইৰ । সোমবাৰে নগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা “ৰণাংগন সন্মান-২০২২” গ্ৰহণ কৰি বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে এইদৰে কয় । অসমত খেলৰ পৰিৱেশ আগতকৈ উন্নত হৈছে বুলি উল্লেখ কৰি কয় মই আৰু হীমাই আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক বিজয়ী হোৱাৰ পিচত এই পৰিৱেশ সলনি হৈছে। খেলৰ প্ৰতি নৱ প্ৰজন্ম আকৰ্ষিত হৈছে। চৰকাৰেও খেলৰ প্ৰতি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়ে নতুন প্ৰজন্ম আগবাঢ়ি যাবলৈ সক্ষম হ’ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে লাভলীনা অসমৰে নহয় ভাৰতবৰ্ষৰে গৌৰৱ।
নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণা হৈ পৰিছে। সমগ্ৰ ৰাজ্যখনকে লাভলীনাই উদ্বুদ্ধ কৰি তুলিছে । আনহাতে,সন্মান প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূব প্ৰান্তৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা, অসম অলিম্পিকৰ কোষাধ্যক্ষ তপন কুমাৰ দাস বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি লাভলীনাৰ গুণ গৰিমা শলাগি ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰি ভাষণ প্ৰদান কৰে। লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই উপস্থিত থকা অনুষ্ঠানটিত ৰণাংগন প্ৰকাশনে লাভলীনা বৰগোহাঁইক আগবঢ়োৱা “ৰণাংগন সন্মান-২০২২”ত এটি স্মাৰক,শৰাই,জাপি,গামোচা, অংগবস্ত্ৰ,মানপত্ৰসহ নগদ দহ হাজাৰ টকা প্ৰদান কৰে। ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক তথা সম্পাদক সঞ্জীৱ বৰা আৰু মিণ্টু দাসৰ বিশেষ তৎপৰতাত নগাঁও জিলাৰ প্ৰায় কুৰিটা ৰাজহুৱা অনুষ্ঠানে বিশ্বজয়ী লাভলীনা বৰগোহাঁইক শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সম্বৰ্ধনা জনায় । সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও জিলা সাহিত্য সভা,নগাঁও ক্ৰীড়া সন্থা,কল্লোল সাংস্কৃতিক গোষ্ঠী,নগাঁও প্ৰেছ ক্লাৱ,নগাঁও অৰুণোদয় সাহিত্য চৰা, কলংপৰীয়া আলোচনা চক্ৰ, নগাঁও চৰকাৰী বালিকা বিদ্যালয়, ত্ৰিনয়ন গোষ্ঠী,ৰাজস্থানী যুৱক সংঘ,অসম কবি সন্মিলন, সদৌ অসম কবি সন্মিলন,নগাঁওবাসী কলিয়াবৰীয়া সমাজ,তিৱা সাহিত্য সভাৰ নগাঁও জিলা,অসম লেখিকা সন্থা অন্যতম। উল্লেখ্য যে, যোৱা ২০২০ বৰ্ষ পৰা ৰণাংগন প্ৰকাশনে অসমৰ সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত “ৰণাংগন সন্মান” প্ৰদান কৰি আহিছে । ইতিমধ্যে বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই আৰু বিশিষ্ট লেখিকা ৰীতা চৌধুৰীক ক্ৰমে ২০২০ আৰু ২০২১ বৰ্ষত ৰণাংগন সন্মান প্ৰদান কৰা হয় । আজিৰ এই বঁ‌টা প্ৰদান অনুষ্ঠানত প্ৰায় তিনিশ শ্ৰোতা দৰ্শক উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!