25 C
Assam
Thursday, September 29, 2022

Featured News

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

Appointment letters distributed in BTR

A total of 146 persons were appointed...

Young Indians Guwahati Chapter observes Climate Action Week

 Young Indians, the youth wing of the...

বগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

Top Newsবগল’চৰোড নিৰ্মাণত ঠিকাদাৰৰ অনিয়ম,ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে৷

নলবাৰী,২৮ জুলাই=নলবাৰী বিধানসভা সমষ্টিৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বগল’চৰোড নিৰ্মাণত ঠিকাদাৰে কৰা অনিয়মৰ বাবে আজি একাংশ স্থানীয় ৰাইজে অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে৷ আনকি বিধিগত ভাবে কাম নকৰিলে নিৰ্মাণ কাৰ্য্য বন্ধৰো দাবী কৰে ক্ষোভিত ৰাইজে৷ উল্লেখ্য যে স্বাধীনতাৰ সত্তৰ বছৰ পিছত এইবেলি উক্ত পথটো পকীকৰন কৰাৰ বাবে গড়কাপ্তানি বিভাগে এক কোটি আঠষষ্ঠি লাখ পয়সত্তৰ হেজাক তিনি শ দুই টকা ব্যয় সাপক্ষত আচনি প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মান কাৰ্য্য আৰম্ভ কৰিছিল৷গড়কাপ্তানি বিভাগৰ নলবাৰী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ প্ৰায় ২-৩ কি:মি দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কাৰ্য্য আৰম্ভণিৰে পৰা বিভাগীয় নীতি নিয়ম জলাঞ্জলি দি নিজ খেয়াল খুছিত পথ নিৰ্মাণ কৰাত ৰাইজে হকাবাধা কৰি আহিছিল৷কিন্তু ঠিকাদাৰে সেইবোৰলৈ কোনো ভ্ৰূক্ষেপ নকৰি কেৱল ৰাজনৈতিক প্ৰভাৱ খতুৱাই কাম কৰাত ৰাইজ অসন্তুষ্ট হৈ পৰিছিল৷ পথটোত প্ৰাককলন মতে মাটি আৰু শিলবালি দি ৰোলিং কৰাটো ঠিকাদাৰে কাৰ্পণ্য কৰা বুলি ৰাইজে অভিযোগ তুলি কয় যে বৰ্তমানে চি চি ব্লক পৰা সময়তো নিয়মক ভেঙুচালি কৰি নৈৰ শুকান বালি দিব খুজিছে ঠিকাদাৰে৷নিয়মানুসাৰে চি চি ব্লকৰ মাজত শিলৰ গুৰি দি পানীৰে তিয়াই দিব লাগে৷কিন্তু ঠিকাদাৰে তাকে নকৰি নৈৰ পৰা খান্দি অনা শুকান বালি দিয়াত ৰাইজ জাঙুৰ খাই উঠিছে৷স্থানীয় লোকে কোৱা মতে পথটো নিৰ্মাণত বিভাগীয় ভাবে কোনো তদাৰক কৰা পৰিলক্ষিত হোৱা নাই৷আনহাতে পথটোৰ চাইদবাম আৰু চি চি ব্লকৰ প্ৰতিবন্ধক হিচাবে দিয়া বিম দালো তেনে দুৰ্বল হোৱা বুলি প্ৰত্যক্ষ দৰ্শী ৰাইজে অভিযোগ কৰিছে৷ৰাইজে পথটো নিৰ্মাণত বিভাগীয় তদাৰক কৰাৰ লগতে পূৰ্বতে হৈ অহা কামবোৰৰো তদন্তৰ দাবী কৰিছে৷

Staff Report GTM

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: