25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

বজাৰত ক্ৰয় কৰা সামগ্ৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয় নেকি?

Assamese Newsবজাৰত ক্ৰয় কৰা সামগ্ৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয় নেকি?

বজাৰত ক্ৰয় কৰা সামগ্ৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয় নেকি? মহানগৰীত চলাইছে পৰীক্ষা

ভয়ংকৰ৷ বজাৰত ক্ৰয় কৰা সামগ্ৰীত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি। ৰাসায়নিক দ্ৰব্য মিহলি কৰা সামগ্ৰীৰ বিক্ৰী হৈছে ৰাজ্যৰ লগতে মহানগৰীৰ চুকে–কোণে। শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ে বজাৰত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ তথ্য পোহৰলৈ অনাৰ পিছতে চকু মেল খাইছে ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগৰ। সেয়ে মঙলবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাৰ খাদ্য সুৰক্ষা বিভাগে জিলাখনৰ কেইবাটাও প্ৰান্তত চলায় অভিযান।

হাতীগাঁও মাছৰ বজাৰৰ পৰা আৰম্ভ কৰি ফাঁচীবজাৰত এটাৰ পিছত আনটো খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰে খাদ্য সুৰক্ষা বিভাগে। বজাৰে বজাৰে নমুনা সংগ্ৰহ কৰা খাদ্যসামগ্ৰীসমূহৰ এটা বা দুটা দিনৰ ভিতৰত প্ৰকাশ পাব পৰীক্ষাৰ প্ৰতিবেদন। কোন সামগ্ৰীত কিমান বিষাক্ত তথা মাৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলি আছে, তেতিয়া জানিব পৰা যাব।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও পীয়ূষ হাজৰিকাই ফৰ্মেলিনযুক্ত মাছৰ বিৰুদ্ধে নিয়মাফিক আৰম্ভ কৰিছিল অভিযান। গুৱাহাটীৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মৎস্য ব্যৱসায়ীলৈ জাননী জাৰিৰ লগতে জৰিমনাও বিহিছিল৷ কিন্তু সময়ৰ লগে লগে সকলো আগৰ দৰে চলি থাকিল। এতিয়া নগাঁও মহাবিদ্যালয়ে খাদ্য সুৰক্ষাৰ বিভাগৰ চকু মেল খোৱাৰ পিছত নিয়মমাফিক পৰীক্ষা চলি থাকিব নে নাই সেয়া সময়ত স্পষ্ট হ’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!