32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

বনৰজা হত্যা কৰি ভক্ষণ কৰাৰ অপৰাধত চাৰিজনক গ্ৰেপ্তাৰ…

Assamese Newsবনৰজা হত্যা কৰি ভক্ষণ কৰাৰ অপৰাধত চাৰিজনক গ্ৰেপ্তাৰ...

গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানিৰ ১নং কেকুৰী গাঁৱত এটা নাহৰফুটুকী বাঘক হানিখুচি হত্যা কৰে স্থানীয় লোকে। তদুপৰি বাঘটোৰ বিভিন্ন অংগ কাটি নি মাংস ভক্ষণ কৰে। আৰু এই অপৰাধত বন বিভাগে অঞ্চলটোৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে, এই সংক্ৰান্তত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। ঘটনানুসৰি শুকুৰবাৰে টেঙানীৰ ১ নং কেকুৰী গাঁৱত এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰিছিল এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি মুঠ তিনিজন লোকক। আৰু এই ক্ষোভতেই গাওঁখনৰ স্থানীয়লোকে নাহৰফুটুকীটো নিধন কৰি বিভিন্ন অংগ কাটি নিয়াৰ লগতে বহুলোকে মাংস ভক্ষণ কৰে ।

আনহাতে অৱশিষ্ট মাংস খিনি গাঁত খান্দি পুতি থয় ৷ পিছে বৰপথাৰৰ বন বিভাগে ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীৰ সহায়ত বাঘটোৰ অৱশিষ্ট দেহটো গাতৰ পৰা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আৰু নিশাই ঘটনাটোৰ লগত জড়িত তিনিজন লোকক আটক কৰে ৷ আজিও বন বিভাগে ঘটনাৰে জড়িত আন এজন লোকক আটক কৰে৷

বৰপথাৰৰ খণ্ড বনবিষয়া ৰাজীৱ কাকতি নেতৃত্বত বন বিভাগ আৰু বৰপথাৰ আৰক্ষীৰ যুটীয়া অভিযানত টেঙাণীৰ পৰা গ্ৰেপ্তাৰ লোক চাৰিজন হৈছে টেঙাণী দিঘলী মাজ গাঁৱৰ চন্দ্ৰ দাস(৫০), একে গাৱঁৰে গজেন দাস (৪৭), দিগন্ত বৰা(২০) আৰু এক নং কেকুৰী গাঁৱৰ ৰতন গগৈৰ পুত্ৰ কন্টু গগৈ (৪২)। চাৰিজও জন লোকক গ্ৰেপ্তাৰ কৰি বনবিভাগৰ লোকে জেৰা অব্যাহত ৰাখিছে ।

আটকাধীন লোক কেইজনৰ পৰা নাহৰফুটুকী বাঘৰ দাঁত, নখ, ছাল, সহ এখন দা জব্দ কৰিছে আৰক্ষীয়ে ৷ অন্যহাত বন বিভাগ আৰু আৰক্ষীৰ অভিযানৰ খবৰ পাই গাঁৱৰ বহুলোকে বাঘটো হত্যা কৰি লৈ যোৱা মাংসৰ লগতে বিভিন্ন অংগ এতিয়া য’তে ত’তে পেলোৱাৰ পৰিলক্ষিত হৈছে৷ উল্লেখ যোগ্য যে, গজেন দাস নামৰ এজন লোকে নিশা সুৰাৰ লগত বাঘটোৰ কলিজা ভাজি খোৱাৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!