38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত নতুন ৰূপত প্ৰধানমন্ত্ৰী মোডী…

Assamese Newsবান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত নতুন ৰূপত প্ৰধানমন্ত্ৰী মোডী...

পনুৰ ৰূপ সলনি কৰিলে নৰেন্দ্ৰ মোডীয়ে। বগা কুৰ্টা, ৰঙীন কোটৰ পৰিৱৰ্তে এইবাৰ পৰিধান কৰিলে খাকী পোছাক। এদিনৰ বাবে তেওঁ নিজকে সজাই তুলিলে ফৰেষ্ট অফিচাৰৰ ৰূপত।

কৰ্ণাটক ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত এই নতুন ৰূপ ধাৰণ কৰিলে। দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণ কৰাৰ লগতে থেপ্পাকাডু হস্তী শিবিৰো পৰিদৰ্শন কৰে।

ইয়াত তেওঁ মাউট আৰু তদাৰকীসকলৰ সৈতে মত বিনিময় কৰে। একেদৰে তেওঁ বান্দিপুৰত ব্যাঘ্ৰ সংৰক্ষণৰ লগত জড়িত বিভিন্ন গোটসমূহৰ সৈতেও মত বিনিময় কৰে।

উল্লেখ্য যে, ৫০ বছৰ পূৰ্বে ব্যঘ্ৰ সংৰক্ষণৰ বাবে আৰম্ভ কৰা প্ৰজেক্ট টাইগাৰ প্ৰকল্পৰ সোণালী জজয়ন্তীৰ কাৰ্যসূচী তেওঁ আজি শুভ উদ্বোধন কৰিব। সমান্তৰালকৈ প্ৰকাশ কৰিব দেশত থকা বাঘৰ সংখ্যা।

আজি তেওঁ ৰাজ্যখনত ইণ্টাৰনেশ্যনেল বিগ কেটছ এলায়েন্স মুকলি কৰিব। ইয়াৰ উপৰিও তেওঁ উন্মোচন কৰিব অমৃত কালৰ ভিজন। ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!