25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

বিজনীত আৰক্ষীৰ জালত পৰিল ৮ জনীয়া ডকাইতৰ দল…

Assamese Newsবিজনীত আৰক্ষীৰ জালত পৰিল ৮ জনীয়া ডকাইতৰ দল...

চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ভাওৰাগুৰীত বুধবাৰে নিশা আৰক্ষীৰ এটা দলে অভিযান চলাই ৮ জনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে ।

ধৃত ডকাইত কেইজনক ক্ৰমে চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত হবো শ্বেখ (৩০), হাস্ৰাবাৰীৰ আশ্ৰফ আলী (২২), পশ্চিম বিলাসপুৰৰ বাছেৰ আলী আকন্দ (২৭), হাস্ৰাবাৰীৰ কুতুব আলী(১৯), ঢালিগাঁও ছাতিপুৰৰ আনিছুৰ আলম (৩০), বিলাসপুৰৰ মেহবুব ৰহমান (২৬), বিজনীৰ ভাওৰাগুৰীৰ ৰছিদুল আলী (৩০) আৰু বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ আব্দুল মজিদ (৩১) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ।

অভিযানকাৰী আৰক্ষীৰ দলে ধৃত ডকাইত কেইটাৰ পৰা এএচ-১৯ ডি ৭৪৭৩ পঞ্জীয়ন নম্বৰৰ এখন মহিন্দ্ৰা জাইল’, এখন এএচ-১৯এচি-৪২৪৫ পঞ্জীয়ন নম্বৰৰ এখন টাটা মেজিক, নগদ ১৫,৫৫০ টকা, ৪ খনকৈ চিম কাৰ্ড, ৮ টাকৈ মোবাইল হেণ্ডচেট, তৰোৱাল ১ খন, দা’ ১ খন, খুকুৰী ১ খনসহ অন্যান্য কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে ।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি বুধবাৰ নিশা এক গোপন খবৰৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰণৱজ্যোতি কলিতা আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাপুকন মৰাণৰ নেতৃত্বত নিশা ভাওৰাগুৰীত অভিযান চলাই ডকাইতৰ দলটোৱে ডকাইতি কৰাৰ যো-জা চলাই থকাৰ সময়তে ডকাইতৰ দলটোক কৰায়ত্ব কৰে ।

উল্লেখ্য এই ডকাইতৰ দলটোৱে পূৰ্বেও কেইবাটাও ডকাইতৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । জব্দকৃত সামগ্ৰীসহ ধৃত ডকাইতৰ দলটোক আৰক্ষীয়ে বিজনী থানালৈ আনি সোধ-পোছ অব্যাহত ৰাখিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!