বৰ্তমানেও সংকটমুক্ত নহয় তৰুন গগৈৰ স্বাস্থ্য, ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে নৰেন্দ্ৰ মোডীয়ে

বৰ্তমানেও সংকটমুক্ত নহয় তৰুন গগৈৰ স্বাস্থ্য, ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে নৰেন্দ্ৰ মোডীয়ে

প্ৰাক্তণ মুখ্যমন্ত্ৰী তৰুন গগৈৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে সমগ্ৰ ৰাজ্যৰ গুণমুগ্ধৰ । তাৰ বাবে জনসাধৰনৰ ওচৰত কৃতজ্ঞ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আৰোগ্য কামনা কৰি বহু সংখ্যক ৰাষ্ট্ৰীয় নেতাই গৌৰৱ গগৈৰ সৈতে ফোন যোগে যোগাযোগ কৰি স্বাস্থ্যৰ বুজ লয় ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ফোন যোগে তৰুন গগৈৰ স্বাস্থ্যৰ বুজ লয় । দেশৰ বিভিন্ন স্থানৰ মুখ্যমন্ত্ৰীয়েও তৰুন গগৈৰ স্বাস্থ্যৰ বুজ লোৱা বুলি জানিব দিয়ে সাংসদ গৌৰৱ গগৈয়ে । ইপিনে সোমবাৰে ১০ বজাত জিএমচিএইচৰ অধীক্ষকে সংবাদমেল যোগে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য বৰ্তমান কেনেকুৱা সেই সম্পৰ্কে প্ৰকাশ কৰিব ।

ৰবিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ ডায়লেছিছ সম্পন্ন কৰা হয় ।চিকিৎসকে বৰ্তমানেও তেখেতৰ স্বাস্থ্যৰ চিকিৎসা অব্যহত ৰাখিছে যদিও বৰ্তমানো সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য । ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ খবৰ লবলৈ শুভাকাংশীয়ে ভিৰ কৰে জিএমচিএইচত ।

 

GTM Desk