28.1 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ভয়ংকৰৰ পথ দুৰ্ঘটনা ! একেটা পৰিয়ালৰ দুই সদস্যসহ মৃত্যু ৩ জনৰ…

Assamese Newsভয়ংকৰৰ পথ দুৰ্ঘটনা ! একেটা পৰিয়ালৰ দুই সদস্যসহ মৃত্যু ৩ জনৰ…

দুধনৈৰ ফফলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰ দুই সদস্যসহ তিনিজনৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন ব্যক্তিও।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা এএছ ০১ডিএক্স ২৩৫৩ নম্বৰৰ চাৰিচকীয়া কুৱাইড বাহনখনে এএছ ১৯চি ৩২৩৪ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত সকলক বাহনখনৰ চালক বিকি বৈশ্য আৰু একেটা পৰিয়ালৰ আনাৰুল ইছলাম আৰু নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে।

নিহত বিকি বৈশ্যৰৰ ঘৰ গুৱাহাটীৰ ভাস্কৰ নগৰত বুলি জানিব পৰা গৈছে।

ইফালে গুৰুতৰভাৱে আহত হয় কালেমা খাতুন আৰু মুক্তাৰ হুছেইন (১২)।

আহত দুয়োকে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বিলাসী বাহনখন।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!