38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু IC জোনমণি ৰাভাৰ৷ কিন্তু কেনেকৈ সংঘটিত হ’ল এই ঘটনা?

Assamese Newsভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু IC জোনমণি ৰাভাৰ৷ কিন্তু কেনেকৈ সংঘটিত হ’ল এই ঘটনা?

জখলাবন্ধা সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ কৰুণ মৃত্যু। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি বাহনৰ।

জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে জোনমণিৰ বাহনখনে। নিশা প্ৰায় ২ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

প্ৰচণ্ড খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

পুৱতিনিশাই ঘটনাস্থলীত নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!