মই অসমীয়া মাধ্যমত পঢ়িছিলো, হিন্দী আৰু ইংৰাজী ভালকৈ নাজানোঃ মুখ্যমন্ত্ৰী

মই অসমীয়া মাধ্যমত পঢ়িছিলো, হিন্দী আৰু ইংৰাজী ভালকৈ নাজানোঃ মুখ্যমন্ত্ৰী

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক ভিডিঅ’। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই এখন বিদ্যালয় পৰিদৰ্শন কৰাৰ সময়ত ভিজিটৰ ৰেজিষ্টাৰত লিখি থকা দেখা যায়।অন্য এখন বহীৰ পৰা চাই চাই লিখা দেখা যায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰী গৰাকীৰ এই ভিডিঅ’ টুইটাৰত এজনে শ্বেয়াৰ কৰাৰ পাছতে বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰোশন ৰায় নামৰ লোক জনে ভিডিঅ’টো টুইট কৰি লিখিছে যে- অসমৰ মুখ্যমন্ত্ৰী, যিয়ে নকল নকৰাকৈ ভিজিটৰ বুকত এটা দফাও লিখিব নোৱাৰে।

এই পোষ্টটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ টুইট কৰি কয় যে- ”মই অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছিলো। হিন্দী আৰু ইংৰাজী শিকাৰ বাবে মই যথেষ্ঠ চেষ্টা কৰি আছো। মই স্বীকাৰ কৰো যে মই ইংৰাজী আৰু হিন্দী ভালদৰে নাজানো। এয়া স্বীকাৰ কৰিবলৈ কোনো দ্বিধাও নাই মোৰ”।

এই পোষ্টটোত একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কোনোবাই যদি মুখ্যমন্ত্ৰী গৰাকীৰ ডিগ্ৰীৰ ওপৰত কথা কৈছে কোনোবাই আকৌ তেওঁক মাতৃভাষাত লিখাৰ পৰামৰ্শ দিছে।

GTM Desk

Related