মঙলদৈত উদ্বোধন হল প্ৰথম বাৰৰ বাবে মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ

মঙলদৈত উদ্বোধন হল প্ৰথম বাৰৰ বাবে মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ


আজি দৰং জিলাৰ মাজ মজিয়াৰ মঙলদৈ ভেবাৰঘাটত এখন উন্নত মানদণ্ড বিশিষ্ট মোবাইল মেৰামতিৰ প্ৰশিক্ষণ কেন্দ্ৰ উন্মোচন হয় । মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ যুৱ নেতা গুৰুজ্যোতি দাসে শুভ উদ্বোধন কৰে অনুষ্ঠানটো ।

দৰং জিলাত প্ৰথম বাৰৰ বাবে আৰম্ভ হোৱা TECHNOFIX মোৱাইল ৰিপীয়েৰিং ট্ৰেইনিং চেণ্টাৰ নামেৰে নামাকৰণ কৰা চেণ্টাৰ টোত তেওঁলোকে নামভৰ্তিৰ বাবে প্ৰাৰম্ভিক অৱস্থাত ৰেহাইৰ ব্যৱস্থা কৰা হৈছে ।

ৰফিকুল, জুৱেল, ৰেজাউল আৰু মানস নামৰ চাৰি গৰাকী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এই অনুষ্ঠান খনি । সমগ্ৰ দৰং জিলাৰ যুৱক যুৱতী সকলৰ সহযোগিতা বিচাৰিছে চাৰি গৰাকী স্বত্বাধিকাৰী যুৱকে । তলত উল্লেখ কৰা যোগাযোগ নং ত আপোনালোকে সংযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জনাইছে । 8618593959, 6000168714

GTM Desk