fbpx
October 20, 2021

মঙলদৈত স্বভাৱ শিল্পী দিদাৰুদ্দিন আহমেদলৈ সম্বধৰ্ণা

মঙলদৈ ১৯ এপ্রিল ঃ বিশিষ্ট স্বভাৱ শিল্পী ,দৰঙী চেৰাঢেকৰ ওজা নগৰবাহী খাটালপাৰা নিবাসী দিদাৰুদ্দিন আহমেদক পহিলা বহাগৰ দিনা নিজৰ দিন উপলখ্যে অসম সাহিত্য সভা আৰু দৰং জিলা সাহিত্য সভাই স্থানীয় নগৰবাহী সাহিত্য সভাৰ উদ্যেগত অশিতীপৰ শিল্পী গৰাকীক বিহুৱান,মানপত্র,চেলেং আৰু গ্রন্থৰ টোপোলাৰে সম্বধৰ্ণা জ্ঞাপন কৰে |শিল্পী গৰাকীক তেখেতৰ ঘৰলৈ গৈ অসম সাহিত্য সভাৰ মুখপাত্র চহিৰ ভূঞা,দৰং জিলা সাহিত্য সভাৰ সভাপতি ড০ ৰামচন্দ্র ডেকা ,সম্পাদক মুকুট চন্দ্র হাজৰিকা,জিলা সভাৰ কোষাধ্যক্ষ বসন্ত শইকীয়া,কাৰ্যনিৰ্বাহক সদস্য প্রতাপ শৰ্মাই |শিল্পী গৰাকীৰ গৃহতেই অসম সাহিত্য সভা আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়া সকলক বিহুৱানেৰে বিহুৰ ওলগ জ্ঞাপন কৰে নগৰবাহী সাহিত্য সভাৰ সভাপতি চৰিফুল ইছলাম আৰু সম্পাদক মিফতা আহমেদে | সাংবাদিক মকছেদ আলিয়ে আতঁ ধৰা কাৰ্য সূচীত স্থানীয় ৰাইজ তথা মহিলা সকল উপস্থিত থাকি সাহিত্য সভাৰ এ ই কাৰ্যক ভূয়সী প্রশংসা কৰে |

মকচেদ আলি Report-GT

error: Content is protected !!
%d bloggers like this: