মঞ্চত নহয় ৰাইজৰ মাজত সোমাই ভাষণ দিলে হাগ্ৰামা মহিলাৰীয়ে

মঞ্চত নহয় ৰাইজৰ মাজত সোমাই ভাষণ দিলে হাগ্ৰামা মহিলাৰীয়ে

এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক। মঞ্চত নহয় ৰাইজৰ মাজত দেখা গ’ল মহিলাৰীক ৷ মাইক্ৰোফোন হাতত লৈ ৰাইজৰ মাজত গৈ বুজ ল’লে সমস্যাৰ। সমৰ্থকৰ সৈতে ছেলফিও উঠিলে মহিলাৰীয়ে ৷

সভাত পুনৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক টাৰ্গেট কৰি লয় হাগ্ৰামা মহিলাৰীয়ে ৷ প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে বিপিএফ প্ৰধানগৰাকীয়ে ৷ মুঠতে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ মাজৰ বাকযুদ্ধই গৰম কৰি তুলিছে বিটিআৰৰ ৰাজনীতি ৷ শেহতীয়াভাৱে বিটিআৰ অঞ্চলত বিপিএফ দলে অনুষ্ঠিত কৰা জনজাগৰণ সভা উপলক্ষে বাক্সা জিলাৰ গুৱাবাৰী আৰু গয়বাৰীত অনুষ্ঠিত হয় দুখনকৈ সভা, য’ত হাগ্ৰামা মহিলাৰীয়ে মঞ্চত নহয় ৰাইজৰ মাজত সোমাই ভাষণ দিয়ে ৷

ভাষণ প্ৰসংগত মহিলাৰীয়ে প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ প্ৰমোদ বড়োক বড়ো জাতিৰ ধ্বংসকাৰক বুলি আখ্যা দি মহিলাৰীয়ে কয় যে নিজৰ জাতিটোকে ধ্বংস কৰা প্ৰমোদ বড়োৱে বিটিচিত বসবাস কৰা আন আন জাতি- জনগোষ্ঠীৰ কি উন্নয়ন কৰিব?

হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ উত্থান দেখি ইউ পি পি এল দল শংকিত হৈ সভালৈ মানুহ অহাত বাধা দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ আনকি ট্ৰেক্টৰখন লাহে লাহে চলোৱাৰ সলনি মাৰুতিৰ দৰে চলালে বাগৰি পৰিব বুলিও কটাক্ষ কৰে হাগ্ৰামা মহিলাৰীয়ে৷ তেওঁ কয় যে বিটিচিত পৰিষদ গঠনৰ পূৰ্বে ইউ পি পি এল দলে ঘৰে ঘৰে এটাকৈ চাকৰি দিব বুলি প্ৰচাৰ চলাইছিল, কিন্তু বিগত দুটা বছৰে প্ৰমোদ বড়ো নেতৃত্বধীন পৰিষদে কাকো চাকৰি দিব পৰা নাই ৷ দুটা বছৰে বিটিচিখন ধ্বংস কৰি দিছে ৷ গতিকে এতিয়া বহি থকাৰ সময় নহয় সকলোৱে ওলাই আহিব লাগে।

GTM Desk

Related