মণিপুৰৰ নিৰ্যাতিতা মহিলাৰ স্বামী আছিল কাৰ্গিল হি’ৰো। দুখেৰে ক’লে- ‘মই দেশ বচাইছো, কিন্তু পত্নীক বচাব নোৱাৰিলোঁ’।

মণিপুৰ কাণ্ডই সমগ্ৰ দেশক জোকাৰি যোৱাৰ লগতে বিশ্বৰ সন্মুখত দেশক লজ্জিত কৰিছে। দুই মহিলাক এচাম উদণ্ড মেইটে যুৱকে নগ্ন কৰি ৰাজপথত পেৰেড কৰে আৰু পৰৱৰ্তী সময়ত দলবদ্ধ ধৰ্ষণ কৰে।

এই জঘন্য ঘটনাৰ ভুক্তভোগী এতিয়াও আশ্ৰয় শিবিৰত আছে। ইয়াৰে এগৰাকী ভুক্তভোগী মহিলাৰ স্বামী ইণ্ডিয়ান আৰ্মিত কৰ্মৰত আছিল। তেওঁ অসম ৰেজিমেন্টৰ এজন চুবেদাৰ আছিল।

পত্নীৰ সৈতে সংঘটিত হোৱা এই ঘটনাত তেওঁ দুখ প্ৰকাশ কৰিছে। তেওঁ ব্যথিত হৈ কয় যে, মই কাৰ্গিল যুদ্ধত দেশৰ বাবে যুঁজ দিছিলো আৰু ভাৰতীয় শান্তি সেনাৰ অংশ হিচাপে শ্ৰীলংকাতো আছিলো। মই দেশৰ ৰক্ষা কৰিছিলো কিন্তু মই দুখিত যে মই মোৰ পত্নী আৰু গাঁওবাসীক ৰক্ষা কৰিব নোৱাৰিলো।

তেওঁ কয় যে, যেতিয়া এই ঘটনা সংঘটিত হৈছিল তেতিয়া আৰক্ষীয়ে সকলো চাই আছিল। কিন্তু একো ব্যৱস্থা নল’লে। মই দাবী কৰো সেই সকলোলোকে শাস্তি পাওক যিয়ে মহিলাক নিৰ্যাতন চলাইছে আৰু ঘৰত অগ্নিসংযোগ কৰিছে।

উল্লেখ্য যে, ৪ মে’ত সংঘটিত এই জঘন্য কাণ্ডৰ সাক্ষী হৈ ৰৈছিল আৰক্ষী। গাড়ীত বহি আৰক্ষীয়ে চাই আছিল সকলো দৃশ্য। মেইটে যুৱকসকলৰ হাতত আছিল অত্যাধুনিক মাৰনাস্ত্ৰ। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ ৪জনক গ্ৰেপ্তাৰ কৰা হৈছে।

GTM Desk