22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

মহানগৰীত পুনৰ সক্ৰিয় হানি ট্রেপিং চক্র; আৰক্ষীৰ জালত যুৱতী সহ দুজন

Assamese Newsমহানগৰীত পুনৰ সক্ৰিয় হানি ট্রেপিং চক্র; আৰক্ষীৰ জালত যুৱতী সহ দুজন

মহানগৰীত পুনৰ সংগোপনে সক্রিয় হৈছে হানি ট্রেপিং চক্র ৷ এইবাৰ হানি ট্রেপিঙৰ বলি হৈছে এজন পুজাৰী ৷
ভগীৰথী শাস্ত্রী নামৰ এগৰাকী পূজাৰীজন এই চক্ৰটোৰ কবলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে ৷

ফটাশিল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শুক্ৰবাৰে অৰ্তকিতে চলোৱা অভিযানত আটক হয় হানি ট্রেপিঙ চক্রটোৰ দুজন ৷

উল্লেখ্য যে,ভগীৰথী শাস্ত্রী নামৰ পূজাৰীজনক প্ৰথমে ৱাটছ এপ যোগে কল কৰিছিল চক্রটোৰ এগৰাকী যুৱতীয়ে ৷ পাছতৱাটছ এপত প্রেৰণ কৰিছিল অশ্লীল ভিডিঅ’ ৷ ইয়াৰ পাছতে বিভিন্ন ভয়-ভাবুকি দি অসৎ চক্ৰটোৱে শকত পৰিমাণৰ ধন দাবী কৰে ৷

আনকি চক্রটোৰ যুৱতী গৰাকীয়ে ধন আদায় নিদিলে ফটো আৰু ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেলৰ ভাবুকি পৰ্যন্ত দিয়ে পুজাৰী গৰাকীক ৷

অসৎ চক্ৰটোৰ উপযুপৰি ভাবুকিৰ পাছতে ফটাশিল থানাত এক গোচৰ ৰজু কৰে পুজাৰীজনে ৷ গোচৰ পোৱাৰ পাছতেই ফটাশিল আৰক্ষীয়ে ফাঁচী বজাৰৰ পৰা আটক কৰে এগৰাকী যুৱতী সহ প্ৰমোদ তিৱাৰী নামৰ লোকজনক ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!