মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ!

মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ!

মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ! আইনৰ ডিগ্ৰী লোৱা কন্যাই স্বামীৰ সৈতে মিলি লুটিলে লক্ষ লক্ষ টকা-অলংকাৰ, গোপনে বিক্ৰী কৰি পলাল পিতৃ-মাতৃৰ ফ্লেট

 

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিজৰেই জী-জোঁৱাইৰ প্ৰবঞ্চনাৰ বলি হ’ল এহাল বৃদ্ধ পিতৃ-মাতৃ। ধন-সম্পত্তিৰ লালসাত পিতৃ-মাতৃৰ একাউন্টৰ পৰা লুটিলে প্ৰায় ৩৮ লাখ টকা। কেৱল ধনেই নহয়, বেংকৰ লকাৰত থকা ৪০ তোলা সোণ লৈ উধাও হ’ল নিজ জীয়ৰী। লগতে মহানগৰীৰ হাতীগড় চাৰিআলিৰ গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন ইনক্লেৱৰ চতুৰ্থ মহলাৰ 4E নম্বৰৰ পিতৃৰ ফ্লেটটো বেংকত বন্ধক দি কন্যাই ১২ লাখ টকাৰ ঋণো লৈছিল।

অভিযোগ অনুসৰি, ৰাজস্থানৰ জোঁৱাই দুলাল কুমাৰ দাসৰ লগত মিলি এই প্ৰবঞ্চনা কৰিলে জীয়ৰী অংগীৰা কাশ্যপে। ঘৰ বন্ধকত ৰাখি মাতৃৰ নামত বেংকৰ পৰা ঋণ লৈছিল অংগীৰাই। ONGC ত কাৰ্যবাহী অভিযন্তাৰ চাকৰি কৰিছিল অংগীৰাৰ পিতৃয়ে। বৰ্তমান জীয়ৰীৰ কৰ্মকাণ্ডত পানীত হাঁহ নচৰা অৱস্থা পিতৃ-মাতৃৰ।

নিজ জীয়ৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ গীতানগৰ আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া পিতৃ-মাতৃ। বিগত ১৭ অক্টোৰৰ পৰাই ম’বাইল অ’ফ জীয়ৰীৰ। জীয়ৰীৰ ফোন নাপাই হাহাকাৰ কৰিব লগা হৈছে পিতৃ-মাতৃয়ে। কাৰণ বেংকৰ ঋণে প্ৰতিটো মুহূৰ্ততে বিপদত পেলাইছে বৃদ্ধ পিতৃ-মাতৃক। এতিয়া এসাঁজ খাদ্যৰ বাবে পিতৃ-মাতৃয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। সম্প্ৰতি ওচৰ চুবুৰীয়াই বৃদ্ধ দম্পতিহালক খাদ্য সামগ্ৰী যোগান ধৰি আছে। LLB ডিগ্ৰী ধাৰী কন্যা অংগীৰা কাশ্যপ এগৰাকী কন্ঠশিল্পীও আছিল।

 

 

GTM Desk

Related