মহানগৰীৰ পঞ্চতাৰকা হোটেলৰ ৯২২ নম্বৰ কোঠাত কি কি হৈছিল সুন্দৰী অঞ্জলি আৰু সন্দীপৰ মাজত?

মহানগৰীৰ পঞ্চতাৰকা হোটেলৰ ৯২২ নম্বৰ কোঠাত কি কি হৈছিল সুন্দৰী অঞ্জলি আৰু সন্দীপৰ মাজত?

সমগ্ৰ দেশ জোকাৰিছে গুৱাহাটীত পুনেৰ ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ হত্যাকাণ্ডই। মহানগৰ আয়ুক্তৰ সংবাদমেলত ৰেডিশ্বন ব্লুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। দুই প্ৰেমিক-প্ৰেমিকা অঞ্জলি আৰু বিকাশে মিলি হত্যা কৰিছিল ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেক।

ৰেডিশ্বন ব্লু হোটেলৰ ৯২২ নম্বৰ কোঠাৰ মজিয়াত পৰি আছিল ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ মৃতদেহ। ২৫ বছৰীয়া যুৱতী অঞ্জলি শ্ব’ৰ ঘৰ পশ্চিমবংগৰ হাওৰা জিলাত। ৰেডিশ্বন ব্লুৰে ১২৪ নম্বৰ কোঠাত আছিল হত্যাকাৰী বিকাশ শ্ব’।

হত্যাকাৰী অঞ্জলি শ্ব’ আৰু বিকাশ শ্ব’ই আগতীয়াকৈ গুৱাহাটীলৈ কাটিছিল বিমানৰ টিকট। মৃত সন্দীপ সুৰেশ কাম্বলে এজন গাড়ী ব্যৱসায়ী আছিল। ছেপ্তেম্বৰ মাহতো গুৱাহাটীলৈ আহিছিল সন্দীপ সুৰেশ কাম্বলে আৰু অসমৰ পৰা ঘূৰি গৈ কলকাতাৰ বিমান বন্দৰত লগ পাইছিল অঞ্জলিক। কলকাতাৰ বিমানবন্দৰৰ ৰেষ্টুৰেণ্টত লগ পাইছিল অঞ্জলি শ্ব’ক।

GTM Desk

Related