fbpx
October 19, 2021

মহিলালৈ অশ্লীল ফটো, ভিডিঅ প্ৰেৰণ কৰি তিহাৰ জেলত সোমাল মঙলদৈৰ যুৱক

দক্ষিণ দিল্লীৰ মালব্য নগৰ এলেকাৰ এজনী বিবাহিতা মহিলালৈ অশ্লীল ভিডিঅ, ফটো প্ৰেৰণ কৰি সোমবাৰে তিহাৰ জেলত সোমাবলগীয়া হল অসমৰ দৰং জিলাৰ চন্দন নাথ নামৰ যুৱক। যুৱক জনক ৩ দিন পূৰ্বে মঙলদৈৰ পৰা কৰায়ত্ব কৰি লৈ যোৱাৰ পাছতহে পোহৰলৈ আহে সকলো তথ্য।

ইতিমধ্যে আজি দিল্লীৰ পাচ হাজাৰী আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে মালৱ্য নগৰ আৰক্ষী থানাই। স্মৰ্তব্য যে, মঙলদৈ চেনীবাগিচাৰ যুৱক চন্দন নাথে ভিভো মোবাইলৰ মাৰ্কেটিং এজেন্ট হিচাবে ২ বছৰ পূৰ্বে নামনি অসমৰ ৰঙিয়া, নলবাৰী, দৰং জিলাত কাম কৰি থাকোতেই দিল্লীত উক্ত মোবাইল কোম্পানীত কৰ্মৰত যুৱতীজনীৰে পৰিচয় হয়। পাছলৈ বন্ধুত্ব আৰু সেয়াই প্ৰেমৰ সম্পৰ্কত পৰিণত হয়। কিন্তু যুৱতীজনীয়ে প্ৰেমৰ সম্পৰ্ক চলাই থাকোতেই দিল্লীৰ মালব্য নগৰৰ এজন যুৱকৰে বিয়া হৈ যায়।

আশ্চৰ্যকৰ বিষয় যে, এই সমস্ত তথ্য লুকাই ৰাখি প্ৰেমৰ সম্পৰ্ক চলাই যায় আৰু হঠাৎ গোচৰৰ সন্মুখীন হয়। মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত অসমলৈ আহি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চন্দন নাথ নামৰ যুৱক গৰাকীক। দক্ষিণ দিল্লীৰ ডি চি পিয়ে সংবাদমাধ্যমক সদৰি কৰা অনুসৰি, মালব্য নগৰৰ বিবাহিত মহিলা জনীক হোৱাটছ এপত ক’ল আৰু ভিডিঅ ক’ল কৰি কিছু গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল।

যোৱা ৩০ ছেপ্তেম্বৰত মহিলাগৰাকীয়ে যুৱকজনৰ সন্দৰ্ভত থানাত অভিযোগ দাখিল কৰিছিল। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই অসমৰ দৰং জিলাৰ মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰে। ৰাজনীতি বিজ্ঞানৰ স্নাতক চন্দন নাথৰ পিতৃ বিয়োগ হোৱাৰ লগতে সম্প্ৰতি এক মোবাইলৰ বিপনীত কাম কৰি আছে । আৰক্ষীৰ আগত যুৱকজনে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে পূৰ্বৰ সম্পৰ্ক থকাৰ কথাও সদৰি কৰিছে।

 

error: Content is protected !!
%d bloggers like this: