মহিলা-পুৰুষে পেণ্ট পৰিধান নকৰাকৈ ৰেলত উঠা আচৰিত ঘটনাতো

মহিলা-পুৰুষে পেণ্ট পৰিধান নকৰাকৈ ৰেলত উঠা আচৰিত ঘটনাতো

সকলোৱে নিশ্চয় ৰেলত ভ্ৰমণ কৰিছে। ৰে’লত বিভিন্ন সংস্কৃতি আৰু উপভাষাৰ মানুহক লগ পোৱা যায়। লগতে, বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰা লোককো ৰেলত দেখা যায়। কিন্তু শেহতীয়াকৈ এনে ঘটনা পোহৰলৈ আহিছে য’ত মহিলা আৰু পুৰুষসকলে পেণ্ট পৰিধান নকৰাকৈ ৰেলত উঠি যাত্ৰা কৰিছে। এই ঘটনাটো সঁচাকৈয়ে আশ্চৰ্য্যজনক। প্ৰকৃততে এই ঘটনাটো লণ্ডনৰ। য’ত চাবৱে ৰে’লৰ এটা বেলেগ দৃশ্য দেখা গৈছে। এই চাবৱেত সৰহ সংখ্যক মহিলা আৰু পুৰুষে পেণ্ট পৰিধান নকৰাকৈ ছুটি কাপোৰ পৰিধান কৰিছে। লণ্ডনৰ আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’ চাবৱেক টিউব বুলি কোৱা হয়। এই টিউবত মানুহে জোতা আৰু আন কাপোৰ পৰিধান কৰিছে, কিন্তু পেণ্ট পৰিধান কৰা নাই।

দৰাচলতে, এই মানুহবোৰে ন’ ট্ৰাউজাৰ দিৱস উদযাপন কৰি আছে। এনেদৰে একেৰাহে ১২ বছৰ উদযাপন কৰি আহিছে। লণ্ডনৰ টিউবত ন’ ট্ৰাউজাৰ দিৱস। এই কাৰ্যসূচীটো লণ্ডনৰ ষ্টিফ আপাৰ লিপ চছাইটিৰ দ্বাৰা আয়োজিত কৰা হয়। এই আজৱ উৎসৱটো ২০০২ চনত নিউয়ৰ্কত আৰম্ভ হৈছিল। ইয়াৰ পিছত, ইয়াক বিশ্বৰ আন প্ৰান্ততো উদযাপন কৰা হয়।

GTM Desk