মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই সহজ উপায়

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই সহজ উপায়

মা লক্ষ্মী হৈছে,ধন, সম্পদ, ঐশ্ব্যযৰ দেৱী। মা লক্ষ্মীক যদি প্ৰসন্ন কৰি ৰাখিব পাৰি, তেন্তে আপুনি তেওঁৰ কৃপাত সকলোবোৰে লাভ কৰিব।( Religious Studies )

মা লক্ষ্মীৰ প্ৰিয় বস্তু হৈছে কড়ি। বিশেষ কৰি হালধীয়া কড়ি তেওঁৰ প্ৰতিক হিচাপে মনা হয়। লক্ষ্মী পূজা আগদিনা ৩টা হালধীয়া কড়ি আনি ৰাখিব। তাৰপাছত সেই কড়ি কেইটা গোটেই নিশা গাখীৰত ভিজাই ৰাখক। পাছৰ দিনা অৰ্থাৎ লক্ষ্মী পূজা দিনা স্নান আদি কৰি সেই কড়ি কেইটা গাখীৰৰ পৰা উঠাই আনি গংগা জ্বলেৰে ধুই এখন পৰিষ্কাৰ কাপোৰে মোহাৰি লব। পাছত সেই কড়ি মা লক্ষ্মী চৰণত এখন হালধীয়া কাপোৰ পাৰি ৰাখিব। ( Religious Studies )

দেৱী লক্ষ্মীক পূজা কৰাৰ সময়ত, সেই কড়িত সেন্দুৰৰে ফুট দিব। তাৰপিছত মা লক্ষ্মীৰ পূজা অৰ্চনা কৰক। পূজা অৰ্চনা শেষ কৰি সেইদিনা সেই স্হানতে কড়ি কেইটা সেইভাগে থাকিবলৈ দিয়ক। পাচদিনা কড়ি কেইটা হালধীয়া কাপোৰে মেৰিয়াই টকা পইচা ৰখা স্হানত ৰাখিব। মনা হয় যে, যি স্হানত এই কড়ি ৰখা হয়, সেই স্হানতে মা লক্ষ্মীৰ আবাস স্হান হৈ পৰে।। (সংগ্ৰহিত)।

 

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

GTM Desk

Related