25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

মা লক্ষ্মী আৰু ধন কুবেৰৰ কৃপা পাবলৈ পালন কৰক এই নিয়ম

Assamese Newsমা লক্ষ্মী আৰু ধন কুবেৰৰ কৃপা পাবলৈ পালন কৰক এই নিয়ম

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ধনতেৰচ। ২নৱেম্বৰত উদযাপন হব ধনতেৰচ আৰু তাৰ দুদিনৰ পাছত সমগ্র দেশতে উদযাপিত হব পোহৰৰ উৎসৱ দিপাৱলী। ( Religious Studies )

ধনতেৰচৰ দিনটো ধন্বন্তৰী, কুবেৰ আৰু ধনৰ দেৱী লক্ষ্মীৰ উপাসনা কৰাৰ নিয়ম আছে। ধনতেৰচৰ নতুন বস্তুৰ বাবে বজাৰ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই উৎসৱৰ আগে ঘৰৰ কিছু অংশ পৰিষ্কাৰ কৰাটো অতি লাভজনক বুলি কোৱা হৈছে। এনে কৰিলে ভগৱান ধন্বন্তৰীৰ আৰ্শীবাদত আপোনাৰ ভাগ্য উজ্বলিব পাৰে। গোটেই বছৰলৈ পাব দেৱী লক্ষ্মী আৰু কুবেৰৰ আৰ্শীবাদ।

ধনতেৰচৰ দিনা ঘৰৰ এইকেইটা স্হান পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূর্ণ। এই দিনটোত আপুনি আপোনাৰ ঘৰৰ উত্তৰ পূৱ দিশ অৰ্থাৎ ঈশান কোণ, পূৱ দিশ, উত্তৰ দিশ, পৰিষ্কাৰ কৰা উচিত। ঘৰৰপৰা অনাৱশ্যকীয় বস্তুবোৰ আঁতৰাই ভালদৰে পৰিষ্কাৰ কৰক। গংগা জল আনি সমগ্র ঘৰতে ছটিয়াই দিব। গংগা জল এটা পাত্রত লৈ আপোনাৰ ঘৰৰ উত্তৰ দিশত বেছিকৈ ছটিয়াই দিয়ক আৰু লগতে আপুনি যত টকা পইচা ৰাখে তাতো গংগা জল ছটিয়াই দিয়ক। এনে কৰাৰ ফলত ঘৰখনৰ ধনৰ দেৱতা কুবেৰৰ আগমন ঘটে বুলি কোৱা হয়। ( Religious Studies )

ঘৰটো পৰিষ্কাৰ কৰাৰ পাছত ঝাড়ুটো সদায়ে লুকুৱাই ৰাখিব। ইয়াক এনে ঠাইত ৰাখিব যাতে, কোনেও সহজে লক্ষ্য কৰিব নোঁৱাৰে। থিয় আৰু মুকলিকে ৰখা ঝাড়ুক সম্পত্তি ধ্বংসৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপোনাৰ ঘৰত মাছৰ একুৰিয়াম আছে তেন্তে ধনতেৰচৰ দিনা এই একুৰিয়ামক চফা কৰিব লাগিব। ধনতেৰচৰ দিনা সন্ধ্যা ঘৰত পাঁচটি চাকি জ্বলাওক। এটা ঘৰৰ গোসাঁই ঘৰত, এটা তুলসী তলত, এটা পানীৰ পাত্রৰ কাষত আৰু মুখ্য দুৱাৰত দুগচ বন্তি ৰাখক। ধনতেৰচৰ দিনা ধনৰ দেৱতা কুবেৰক স্মৰণ কৰি তেওঁৰ নামত এগচি চাকি জ্বলোৱাটো শুভ ফল পোৱা যায়।।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!