মুনমুনৰ মৃত্যুক লৈ নতুন তথ্য পোহৰলৈ, কবৰ দিয়াৰ পৰিৱৰ্তে কিয় পুত্ৰই জ্বলাইছিল মৃতদেহ

মুনমুনৰ মৃত্যুক লৈ নতুন তথ্য পোহৰলৈ, কবৰ দিয়াৰ পৰিৱৰ্তে কিয় পুত্ৰই জ্বলাইছিল মৃতদেহ

নুনমাটিৰ নিজৰাপাৰৰ মুনমুন বেগমৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মৃত মুনমুন বেগমৰ দুই পুত্ৰ ক্ৰমে বৰুণ চৌহান আৰু আদিত্য চৌহানক আটক কৰি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত এটাৰ পিছত আনটো তথ্য উৎঘাটন হৈছে।

মৃত মুনমুন বেগমৰ মৃতদেহটো কৱৰস্থ কৰিব বিচাৰিছিল নিজৰাপাৰৰ ইছলামধৰ্মী লোকসকলে। কিন্তু জ্যেষ্ঠ পুত্ৰ বৰুণ চৌহানে ৰাইজৰ দাবী প্ৰত্যাখ্যান কৰি মাতৃৰ মৃতদেহটো শ্মশানলৈ নি জ্বলাই দিয়ে। ইয়াকে লৈ সমস্ত ঘটনা প্ৰবাহ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

আনহাতে, আৰক্ষীৰ তদন্তত মৃত মুনমুন বেগমে সঘনাই দিছপুৰৰ বিধায়ক আবাসলৈ অহা যোৱা কৰা তথ্য লাভ কৰিছে। দিছপুৰৰ লগত মুনমুন বেগমৰ কি সম্পৰ্ক আছিল সেই লৈও এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। মৃত স্বামী মতলেব আলীৰ পৰিয়ালৰ চাৰিজন লোকক হত্যা কাণ্ডৰ লগত মুনমুন বেগমৰ ৰহস্যজনক মৃত্যুৰ কিবা সম্পৰ্ক আছে নেকি আৰক্ষীয়ে তদন্ত চলাই আছে।

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ নুনমাটিৰ নিজৰাপাৰত নিজ বাসগৃহতে ৰহস্যজনকভাৱে মৃত্যু হৈছিল মুনমুন বেগমৰ। মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যাকাণ্ড কৰা বুলি সন্দেহ কৰি নুনমাটি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

নুনমাটি আৰক্ষীয়ে প্ৰাথমিক তদন্তত মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে। আনহাতে, মহিলাগৰাকীৰ পুত্ৰ বৰুণ চৌহানে মাতৃগৰাকীৰ কোঠাতে পৰি মৃত্যু হোৱা বুলি দাবী কৰে। উল্লেখযোগ্য যে, বুধবাৰে নিশাই সংঘটিত হৈছিল এই ঘটনা। নুনমাটি নিজৰাপাৰস্থিত ১১৫ নং বাসগৃহত মৃত মুনমুন বেগম নামৰ বিধৱা মহিলাগৰাকীয়ে তেওঁৰ নিজৰ দুই পুত্ৰৰ সৈতে বসবাস কৰি আছিল।
বুধবাৰে পুৱতি নিশা ৰহস্যজনকভাৱে নিজৰ শোৱনি কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। মহিলাগৰাকীৰ পুত্ৰই মাতৃৰ ৰক্তাক্ত দেহ পৰি থকা অৱস্থাত দেখা পাই লগে লগে নুনমাটি আৰক্ষী থানাত খবৰ দিয়ে। লগে লগে ওচৰৰ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলাগৰাকীক।

GTM Desk

Related