মেট্ৰিক পৰীক্ষাৰ্থীলৈ SEBAৰ কি নিৰ্দেশনা? কিদৰে অনুষ্ঠিত হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা?

মেট্ৰিক পৰীক্ষাৰ্থীলৈ SEBAৰ কি নিৰ্দেশনা? কিদৰে অনুষ্ঠিত হ’ব এইবাৰৰ মেট্ৰিক পৰীক্ষা?

হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি ছেবাৰ।
প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা। গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞানত থাকিব OMR শ্বীট।
OMR শ্বীটত সন্নিৱিষ্ট থাকিব ১ নম্বৰৰ ৪৫টা প্ৰশ্ন। পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ৪৫ নম্বৰৰ দুখনকৈ প্ৰশ্নকাকত।
বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব ১০ নম্বৰ। OMR শ্বীটত ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিৰ্দিষ্ট নিয়ম। পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা-নীলা ৰঙৰ চিয়াঁহী।
১৬ ফেব্ৰুৱাৰীৰ পৰা‌ HSLC পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা ৪ মাৰ্চত অন্ত পৰিব।ব্যৱহাৰিক পৰীক্ষাসমূহ ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব।

GTM Desk

Related