‘মোডী উপাধি’ গোচৰত জামিনো পালে ৰাহুলে …

‘মোডী উপাধি’ গোচৰত জামিনো পালে ৰাহুলে …

চুৰাট আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “মোডী উপাধি” সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। অৱশ্যে, ৱায়ানাডৰ সাংসদজনক তৎক্ষণাৎ ১৫,০০০ টকাৰ বণ্ডত জামিন দিয়া হয়। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ কথিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰা হৈছে য’ত তেওঁ কথিতভাৱে কৈছিল, “সকলো চোৰৰ একে উপাধি মোডী কিয়?”

ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে এটা অভিযোগ দাখিল কৰিছিল। ৱায়ানাডৰ লোকসভাৰ সদস্য গান্ধীয়ে ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বুলি অভিযোগ কৰা হৈছে।

GTM Desk

Related