যোৰাবাটত ভয়ানক ট্ৰাক দুৰ্ঘটনা; ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ যান-বাহন

যোৰাবাটত ভয়ানক ট্ৰাক দুৰ্ঘটনা; ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ যান-বাহন

আজি পুৱাৰ ভাগত খানাপাৰা – যোৰাবাট পথৰ ১১ মাইলত দুখন কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা এক বৃহৎ দুৰ্ঘটনাৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

পুৱা ২:৩২ বজাত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, এই সংঘৰ্ষত পিছৰ ট্ৰাকখনৰ কেবিন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, পিছৰ ট্ৰাকখনৰ চালকজন প্ৰায় দুঘণ্টা ধৰি গাড়ীৰ ভিতৰত আবদ্ধ হৈ থাকে।

ফলত ততাতৈয়াকৈ দুখন ক্ৰেন মাতি ধ্বংসাৱশেষৰ পৰা চালকজনক উলিয়াই আনিবলৈ সক্ষম হয়। পাছত চালকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

সন্দেহ কৰা অনুসৰি দুৰ্ঘটনাটোত হোৱা আঘাতৰ ভয়াৱহতাৰ বাবে চালকজনৰ দুয়োখন ভৰি হেৰুৱাইছে। সংঘৰ্ষত জড়িত আগৰ ট্ৰাকখনৰ নম্বৰ AS01HC1657, আনহাতে পিছৰ ট্ৰাকখনৰ নম্বৰ AS01PC89

GTM Desk

Related