38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

যৌতুকৰ বাবে বোৱাৰীক অমানুষিক অত্যাচাৰৰ অভিযোগ…

Assamese Newsযৌতুকৰ বাবে বোৱাৰীক অমানুষিক অত্যাচাৰৰ অভিযোগ...

চৰকাৰে মহিলা সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও বৰ্তমানেও বহু নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে । যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী জীয়াৰীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা আৰু তেওঁৰ পৰিয়ালে ।

চিলাপথাৰ এখন গাঁওৰ যুৱতীগৰাকী ২০২০ চনতেই বিয়া হৈছিল লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কাটৰি চাপৰিলৈ । কিন্তু বিয়াৰ কিছুদিনৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি নিৰ্যাতন কৰাৰ শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে ।

হোটেল এখনত কৰ্মৰত যুৱতীৰ পিতৃয়ে স্বামী গৃহৰ দাবী পূৰণ কৰিবলৈ অসমৰ্থ । ইয়াৰ পিছৰ পৰাই বৃদ্ধি পালে মানসিক আৰু শাৰীৰিক নিৰ্যাতন ।

এই সন্দৰ্ভত এটা বছৰৰ পূৰ্বে ধেমাজিৰ আদালতত গোচৰ তৰিছিল যদিও চলাহী কথাৰে স্বামীৰ পৰিয়ালে যুৱতীক গোচৰ উঠাই ল’বলৈ বাধ্য কৰায় । যোৱা ৮ এপ্ৰিলত গোচৰ উঠাই যুৱতীগৰাকীয়ে পিতৃৰ লগত স্বামীগৃহলৈ যায় যদিও ঘৰত প্ৰৱেশ কৰিব নিদিয়ে স্বামীৰ পৰিয়ালে ।
তাৰ সলনি এজোপা গছত বান্ধি অকথ্য অত্যাচাৰ চলায় স্বামীৰ পৰিয়ালে । গোপন কেমেৰাত বন্দী হ’ল নিৰ্যাতনৰ ভিডিঅ’ । কোনো লোকে চাউলধোৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীক ।

যুৱতীয়ে গোপন কেমেৰাৰ যোগে লাভ কৰা নিৰ্যাতনৰ ফটো ভিডিঅ’সহ চাউলধোৱা আৰক্ষীক স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও কোনো ৰহস্যজনক কাৰণত আৰক্ষীয়ে গোচৰ লবলৈ অমান্তি হয় বুলি অভিযোগ কৰিছে ।

শুকুৰবাৰে চিলাপথাৰত এই অভিযোগ উত্থাপন কৰি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ন্যায় ভিক্ষা কৰিছে । চিলাপথাৰ মহিলা সমিতিয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনিইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!